NIAৰ অসম-ঝাৰখণ্ড অভিযানৰ PLFI গোচৰত এজনক গ্ৰেপ্তাৰ

0 38

অসম-ঝাৰখণ্ডত ব্যাপক অভিযান চলোৱাৰ পিছত পিপলছ লিবাৰেশ্যন ফ্ৰণ্ট অৱ ইণ্ডিয়া (PLFI)ৰ সৈতে জড়িত গোচৰত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই(NIA)।

বুধবাৰে NIAৰ দলে স্থানীয় আৰক্ষীৰ সহায়ত ঝাৰখণ্ডৰ দুটা স্থান আৰু অসমৰ দুটা স্থানত অভিযান আৰু তালাচী চলায়। এই দমন কাৰ্যসূচীৰ ফলত ঝাৰখণ্ডৰ খুঁটি জিলাৰ এজন বিনোদ মুণ্ডা @ সুখৱাক গ্ৰেপ্তাৰ কৰা হয়। ঝাৰখণ্ডৰ চাৰিটা পিএফএলআইৰ গোচৰত বিচাৰি থকা অভিযুক্তজন পিএলএফআই নামৰ এটা বিভাজিত নক্সাল গোটৰ সশস্ত্ৰ কেডাৰ।

NIA এ তালাচীৰ সময়ত পি এল এফ আই সম্পৰ্কীয় নথি-পত্ৰকে ধৰি কেইবাটাও ৱাকি টকী, পাঁচটা মোবাইল ফোন, চিম কাৰ্ড আৰু ১১ হাজাৰ টকা নগদ ধন জব্দ কৰে।

এই গোচৰৰ পূৰ্বেও দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল, লগতে জব্দ ৫০ লাখ, ৩ লাখ নগদ ধন আৰু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ।

উল্লেখ্য যে, ২০২৩ চনৰ ১১ অক্টোবৰত আই পি চি আৰু ইউ এ (পি)এৰ সংশ্লিষ্ট ধাৰাত এজন মাৰ্টিন কেৰকাটা আৰু পি এল এফ আইৰ অন্যান্য সদস্যৰ বিৰুদ্ধে এন আই এয়ে ইয়াৰ চুপ্ৰেম’ দীনেশ গোপেক গ্ৰেপ্তাৰ কৰাৰ পিছত সংগঠনটোক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল।

Leave A Reply

Your email address will not be published.