ছৌদি আৰৱত ঘোষণা ঈদৰ দিন, ভাৰতবৰ্ষত কেতিয়া পালন কৰা হ’ব ঈদ ?

0 36

মুছলমান ধৰ্মালম্বী লোকসকলোৱে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ঈদৰ জোন চাবলৈ। ইছলামিক কেলেণ্ডাৰত বছৰৰ নৱম মাহ ৰমজান আৰু দশম মাহ শওৱাল আৰু এই মাহৰ প্ৰথম দিনটোতে ঈদ পালন কৰা হয়। ৰমজানৰ ৰোজাৰ অন্ত পৰে ঈদৰ উৎসৱৰ সৈতে।

জোন দেখা পালে দেশৰ লগতে সমগ্ৰ বিশ্বতে উদযাপন কৰা হ’ব ঈদ-উল-ফিটৰ। ইতিমধ্যে ছৌদি আৰৱত ঘোষণা কৰা হৈছে ঈদৰ দিন। কিন্তু ভাৰতবৰ্ষত কেতিয়া পালন কৰা হ’ব পবিত্ৰ ঈদ?

 ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান, কাটাৰ, কুৱেইট, বাহৰেইন, ইজিপ্ত, তুৰস্ক, ইৰাণকে ধৰি মধ্যপ্ৰাচ্য আৰু পশ্চিমৰ অন্যান্য দেশত কাইলৈ অৰ্থাৎ ​​১০ এপ্ৰিল, বুধবাৰে ঈদ-উল-ফিটৰ উদযাপন কৰা হ’ব ।

অৱশ্যে ভাৰতত অহা ১১ তাৰিখেহে দেশত ঈদ-উল-ফিটৰ উদযাপন কৰা হ’ব বুলি ভবা হৈছে। ছৌদি আৰৱৰ নিয়ম অনুসৰি কেৱল কেৰালাতহে ঈদ পালন কৰা হয়।

যদি এই দিনটোত চন্দ্ৰ দেখা নাযায়, তেন্তে ভাৰত আৰু দক্ষিণ এছিয়াৰ অন্যান্য দেশসমূহেও পিছদিনা ৰোজা ৰাখিব। ইয়াৰ পিছত ১০ এপ্ৰিল বুধবাৰে ইফটাৰৰ পিছত চন্দ্ৰ দেখা যাব আৰু ১১ এপ্ৰিল, ২০২৪ বৃহস্পতিবাৰে ঈদ পালন কৰা হ’ব।

Leave A Reply

Your email address will not be published.