APSC কেলেংকাৰীত জড়িত ৩০পৰীক্ষা নিৰীক্ষকক তলব CID ৰ

0 38

 অসম লোকসেৱা আয়োগৰ APSC কেলেংকাৰীক লৈ অব্যাহত আছে বিশেষ তদন্তকাৰী দলৰ তদন্ত প্ৰক্ৰিয়া। বিগত সময়ছোৱাত বহু কেইজন ৰাজপত্ৰিত বিষয়াৰ সাক্ষ্য গ্ৰহণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়াৰ মাজতে চাকৰিৰ পৰা নিলম্বনো কৰা হৈছিল।

এইবাৰ বিশেষ তদন্তকাৰী দলে সোধপোচ কৰিবলৈ তলব কৰে ৩০ গৰাকীকৈ পৰীক্ষা নিৰীক্ষকক। ২০১৩ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ সন্দৰ্ভত এই নিৰীক্ষকসকলক সোধপোচ কৰিব আৰু তেওঁলোকৰ জবানবন্দী সংগ্ৰহ কৰিব।

আজি দিনৰ প্ৰায় ১১-৩০ বজালৈকে ৩০ গৰাকী পৰীক্ষা নিৰীক্ষকৰ ভিতৰত ৫ গৰাকী আহি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছে। এই নিৰীক্ষকসকল ক্ৰমে বিপুল গগৈ, অভিজিৎ বৰা, ভূপেন্দ্র তালুকদাৰ, অঞ্জন শৰ্মা আৰু জ্যোতিৰাজ পাঠক। এইসকল পৰীক্ষা নিৰীক্ষকৰ দ্বাৰা পুনৰ পৰীক্ষাৰ উত্তৰ বহীসমূহ পৰীক্ষা কৰোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.