ৰঙিয়াত অল্ট’ বাহনৰ পৰা জব্দ ২.৫০ কোটি টকাৰ ড্ৰাগছ

0 33

প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ হৈ আছে ড্ৰাগছ। এইবাৰ ৰঙিয়াত জব্দ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ। এখন অল্ট’ বাহনৰ পৰা জব্দ ড্ৰাগছখিনি। STFৰ অভিযানত জব্দ ১০ হাজাৰ টা নিচাযুক্ত য়াবা টেবলেট। মণিপুৰৰ পৰা ৰঙিয়ালৈ আনিছিল টেবলেটখিনি।

কোচবিহাৰৰ দুই যুৱকক ৰঙিয়াৰ যুৱকে বিক্ৰী কৰিছিল ড্ৰাগছখিনি। ইমৰাণ হুছেইনে বিক্ৰী কৰিছিল ড্ৰাগছখিনি। ৰছিদুল মিঞা আৰু নয়ন মিঞাক বিক্ৰী কৰিছিল অভিযুক্ত ইমৰাণ হুছেইনে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰছিদুল মিঞা আৰু নয়ন মিঞাক।

Leave A Reply

Your email address will not be published.