আজি পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ ! ভাৰত তথা অসমত দৃশ্যমান হ’ব নে এই সূৰ্যগ্ৰহণ?

0 46

আজি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। বছৰৰ প্ৰথমটো বিৰল সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব সমগ্ৰ পৃথিৱী। কত কত দৃশ্যমান হ’ব এই পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ, জানো আহক

মেক্সিকোৰ পৰা কানাডালৈ হ’ব দৃশ্যমান হ’ব এই গ্ৰহণ। সমগ্ৰ বিশ্বই এই সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰই কেইবাটাও মুহূৰ্তৰ বাবে সূৰ্যক সম্পূৰ্ণৰূপে আবৰি ৰাখে। ২৫ মাৰ্চৰ চন্দ্ৰগ্ৰহণৰ পিছত ২০২৪ চনৰ এইটোৱেই প্ৰথম সূৰ্যগ্ৰহণ।

ভাৰতীয় সময় অনুসৰি আৰম্ভণি হ’ব ৰাতি ৯:১২ আৰু শেষ হ’ব ২:২২ বজাত। কিন্তু ৭ মিনিটৰ পূৰ্ণতা থাকিব। এতিয়া প্ৰশ্ন হয় এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা যায় নে নহয়?

এই সূৰ্যৰ ছাঁ পৰা ঠাইখন সম্পূৰ্ণ আন্ধাৰেৰে আৱৰি ধৰিব। ভাৰতকে ধৰি বাকী দেশসমূহে এই সূৰ্যগ্ৰহণ দেখিবলৈ নাপাব। কাৰণ সেই সময়ত ভাৰতৰ আকাশত কোনো সূৰ্য নাথাকে। কাৰণ সেই সময়ত ৰাতিৰ। গতিকে ভাৰত বা এছিয়াৰ আন আন ঠাইৰ পৰা ইয়াক দেখা পোৱা নাযায়।

নাছাৰ মতে চন্দ্ৰই যেতিয়া সূৰ্যক সম্পূৰ্ণৰূপে আবৰি ৰাখে তেতিয়া সামগ্ৰিকতা বোলে। যিটো কেইমিনিটমানৰ বাবে চলিব। ২০১৭ চনৰ সূৰ্যগ্ৰহণৰ তুলনাত ৮ এপ্ৰিলৰ মুঠ সূৰ্যগ্ৰহণৰ মুঠ সময়সীমা কিছু বেছি হ’ব। যিটো অতি বিৰল।

Leave A Reply

Your email address will not be published.