ভাৰতীয় জনতা পাৰ্টিৰ ৪৪তম প্ৰতিষ্ঠা দিৱস

0 6,829

ভাৰতীয় জনতা পাৰ্টিৰ গৌৰৱশালী ৪৪ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি অৰ্থাৎ ৬ এপ্ৰিল তাৰিখে ৰাতিপুৱা ১০ বজাত ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ কাৰ্যালয়ত দলীয় পতাকা উত্তোলন কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে, ভাৰতীয় জনতা পাৰ্টী, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শ্ৰী শ্ৰী তপন চন্দ্ৰ দাস আৰু ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুতা বিজুলী কলিতা মেধি।
জিলা সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়াই নিজৰ ভাষণ প্ৰসংগ কয়, ১৯৮০ চনৰ ৬ এপ্ৰিলত প্ৰতিষ্ঠা কৰা ভাৰতীয় জনতা পাৰ্টীৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতি বছৰে ৬ এপ্ৰিলত পালন কৰা হয় দলটোৰ প্ৰতিষ্ঠা দিৱস । বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে গেৰুৱা দলটোৰ ইতিহাস, সাফল্য আৰু আকাংক্ষাৰ বিষয়ে বিভিন্ন কাৰ্যসূচী, আলোচনা চক্ৰ অনুষ্ঠিত হয় ।‌এইবাৰৰ বিজেপি প্ৰতিষ্ঠা দিৱসৰ থিম হৈছে ‘‘ফিৰ একবাৰ মোদী চৰকাৰ’’ ।অটল বিহাৰী বাজপেয়ীৰ যুগ : অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপিয়ে ১৯৯৬ চনত যদিও কিছুদিনৰ বাবে ক্ষমতা দখল কৰে ৷ তাৰ পিচত ১৯৯৮ আৰু ১৯৯৯ চনত অধিক গুৰুত্বপূৰ্ণ জয়লাভ কৰে । বাজপেয়ীৰ কাৰ্যকালত ভাৰতৰ উন্নয়ন যাত্ৰাত পোখৰাণ পাৰমাণৱিক পৰীক্ষা, সফল ক্ষেপণাস্ত্ৰ নিক্ষেপ, আন্তঃগাঁথনিগত উন্নতি আদি উল্লেখযোগ্য মাইলৰ খুঁটিৰ সাক্ষী হৈছিল দেশ ।

Leave A Reply

Your email address will not be published.