চ’ত নৱৰাত্ৰিৰ প্ৰতিপদ তিথিৰ প্ৰথম দিনাই গজকেশৰী যোগ

0 46

৯এপ্ৰিল অর্থাৎ চ’ত নৱৰাত্ৰিৰ প্ৰতিপদ তিথিত মেষ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই। এই ৰাশিৰ পূৰ্বৰে পৰাই বৃহস্পতি বিৰাজমান। এই দুই গ্ৰহৰ যুঁটিত অতিশুভ গজকেশৰী যোগ তৈয়াৰ হয়। চ’ত নৱৰাত্ৰিৰ প্ৰথম দিনাই সৃষ্টি হৈছে গজকেশৰী যোগ। এই যোগ তিনি ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক। কিন্তু কোন কোন ৰাশিৰ এই যোগৰ ফলত লাভ হ’ব জানেনে?


মেষ ৰাশি
এই ৰাশিৰ লগ্ন স্থানত গজকেশৰী যোগ তৈয়াৰ হৈছে। এই পৰিস্থিতিত মেষ ৰাশিৰ জাতকৰ বিশেষ লাভ অৰ্জনৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি পাবলগীয়া কোনো সম্পদ বা টকা এই সময়ত লাভ কৰিব। ধন, ধ্যান বৃদ্ধি হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি সন্তানৰ তৰফৰ পৰা কোনো ভাল খবৰ পাব পাৰে। জ্যেষ্ঠজনে আপোনাৰ কামৰ প্ৰশংসা কৰিব। ভাগ্যই লগ দিব আপোনাক। আয়ৰ নতুন উৎস মুকলি হ’ব। ইয়াৰোপৰি অৰ্থ সঞ্চয় সফল হ’ব। ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব পাৰিব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্য ভালে থাকিব।

কর্কট ৰাশি
এই ৰাশিৰ জাতকৰ ওপৰত বৃহস্পতি আৰু চন্দ্ৰৰ বিশেষ আশীৰ্বাদ আছে। গজকেশৰী যোগ নিৰ্মিত হোৱাত কৰ্মক্ষেত্ৰত বৃহৎ পৰিবৰ্তন পৰিলক্ষিত হ’ব। ধৈৰ্য্যসহকাৰে নিজৰ লক্ষ্য অৰ্জনত সফল হ’ব। চাকৰিৰ নতুন সুযোগ পাব। আইনী গোচৰত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে। পিতৃৰ স্বাস্থ্যজনিত সমস্যা দূৰ হ’ব। আৰ্থিক পৰিস্থিতি মজবুত হ’ব। পৰিয়ালত সুখ-সমৃদ্ধি বৃদ্ধি হ’ব পাৰে। শত্ৰুক পৰাজিত কৰিব পাৰিব এই ৰাশিৰ জাতকে। ধাৰ দিয়া ধন ঘূৰাই পাব। সমাজত মান সন্মান বৃদ্ধি পাব।

সিংহ ৰাশি
জ্যোতিষ অনুসৰি সিংহ ৰাশিৰ জাতকৰ বাবে গজকেশৰী যোগ লাভজনক প্ৰমাণিত হ’ব। পৰিশ্ৰমৰ ফল পাব এই ৰাশিৰ জাতকে। কৰ্মক্ষেত্ৰত জেষ্ঠ্যসকলৰ সহযোগিতা লাভ কৰিব। ইয়াৰ ফলত নিজৰ লক্ষ্য অৰ্জনত সফল হ’ব। ব্য়ৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ব্যক্তিত্ব উন্নত হ’ব। সন্তানৰ তৰফৰ পৰা শুভ সংবাদ পাব। উচ্চশিক্ষা লাভৰ স্বপ্ন পূৰ্ণ হ’ব। ভৱিষ্যতৰ বাবে ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। ভায়েক ভনীয়েকৰ সহযোগিতাত লাভ অৰ্জন কৰিব পাৰে।

Leave A Reply

Your email address will not be published.