IPLত সৰ্ব্বোচ্চ ৰানেৰে ৰিয়ানৰ দখলত ‘অৰেঞ্জ কেপ’

0 42

অসম সন্তান ৰিয়ান পৰাগৰ বেটিং বিক্ৰমেৰে IPL ত সোমবাৰৰ মেচত ৰিয়ানে অৰ্শশতক অৰ্জন কৰি মুম্বাই ইণ্ডিয়ানছক ধৰাশায়ী কৰে। এইবাৰ IPLত তেওঁ ক্ৰমাগতভাৱে অৰ্জন কৰিলে দ্বিতীয়টো অৰ্ধশতক। ইয়াৰ লগে লগে বিৰাট কোহলীক চেৰ পেলাই তেওঁ আজুৰি আনিলে সন্মানীয় ‘অৰেঞ্জ কেপ’।

ৰিয়ানৰ দু্ৰ্দান্ত বেটিংৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ৬ উইকেটত জয় লাভ। ইয়াৰ বিপৰীতে একেৰাহে তিনিখন খেলত জয় ৰাজস্থান ৰয়েলছৰ। ৩৯টা বলত ৫৪ ৰাণ কৰি অপৰাজিত হৈ থাকিল ৰিয়ান পৰাগ। ৫টা চাৰি আৰু তিনিটা ছয়েৰে নিজৰ আকৰ্ষণীয় ইনিংছ সজালে ৰিয়ানে। এই দমনীয় প্ৰদৰ্শনেৰে ৰিয়ানে নিজৰ দখললৈ আনিলে অৰেঞ্জ কেপ।

উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি ৯টা উইকেট হেৰুৱাই ১২৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে ১৫ অভাৰ ৩টা বলত ৪টা উইকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰি জয় লাভ কৰে।

Leave A Reply

Your email address will not be published.