লোকসভা নিৰ্বাচনত কিয় প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত নিৰ্মলা সীতাৰমনৰ?

0 40

লোকসভা নিৰ্বাচনত পৰ্যাপ্ত পৰিমানৰ টকা খৰচ কৰিবলৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো বুলি সিদ্ধান্ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ। এটা অনুষ্ঠানত ভাষণ প্ৰসংগত নিৰ্মলা সীতাৰমণে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁক দুটা স্থানৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তাৱ দিছিল যদিও তেওঁ বিনয়েৰে নাকচ কৰে।

নিৰ্মলা সীতাৰমণে কয় যে নিৰ্বাচনত জয়ী হ’বলৈ যিমান ধনৰ প্ৰয়োজন সিমান ধন তেওঁৰ হাতত নাই বাবেই এই প্ৰস্তাৱ তেওঁ নাকচ কৰিছে। নিৰ্বাচনত জয়ী হ’বলৈ যিমান ধন থাকিব লাগে সিমান ধন নাই বাবে দেশৰ বিত্তমন্ত্ৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো বুলি উল্লেখ কৰে। লগতে কয় যে তেওঁক দুখন ৰাজ্যৰ মাজত বিকল্প দিয়া হৈছে। কিন্তু এই ক্ষেত্ৰত তেওঁৰ সমস্যা হৈছে কাৰণ অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ নিৰ্বাচনত জয়ী হ’বলৈ বহু কথাৰ ভিন্ন অৰ্থ আছে।

দেশৰ বিত্তমন্ত্ৰীৰ দ্বাৰা এই কথাই ৰাজনৈতিক দিশত কি ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব সেয়া হব লক্ষণীয়।

Leave A Reply

Your email address will not be published.