লখিমপুৰত উদয় শংকৰ হাজৰিকাই পালে প্ৰাৰ্থিত্ব, ঘোষণা AICC ৰ

0 46

অৱশেষত চৰ্চিত হোৱাৰ দৰেই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই হ’লগৈ কংগ্ৰেছৰ লখিমপুৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী । শনিবাৰে সন্ধিয়া কংগ্ৰেছে প্ৰকাশ কৰা তালিকাত ঘোষণা কৰিলে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ৷

১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্ত অৱতীৰ্ণ হ’ব পৰা নাছিল কংগ্ৰেছ নেতৃত্ব ৷ কংগ্ৰেছে ইতিমধ্যেই প্ৰকাশ কৰিছিল ১২ টা সমষ্টিৰ তালিকা ৷

শেষত লখিমপুৰৰ আসনখনতো সকলো বিতৰ্কৰ অৱসান ঘটাই উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে ৷ উল্লেখযোগ্য যে দুবাৰৰ সাংসদ ৰাণী নৰহেও লখিমপুৰৰ প্ৰাৰ্থিত্বৰ বাবে দাবী কৰি আছিল ৷

Leave A Reply

Your email address will not be published.