এইবাৰ আপ নেতা গুলাব সিং যাদৱৰ বাসগৃহত ED ৰ অভিযান

0 41

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে AAP বিধায়কসকলৰ বাসগৃহত চলিছে ED ৰ অভিযান । দিল্লী চৰকাৰৰ বিধায়ক গুলাব সিং যাদৱৰ কেইবাটাও স্থানত ED দলে অভিযান অব্যাহত ৰাখিছে । শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে ৬ দিনীয়া ইডি ৰিমাণ্ডলৈ প্ৰেৰণ কৰে । ইয়াৰ পিচতে শনিবাৰে ED য়ে বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

শুকুৰবাৰে এক্সত গুলাব সিং যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীক্ষ্ণ সমালোচনা কৰিছিল। ইয়াৰ পিছতে শনিবাৰে পুৱাই তেওঁৰ বাসগৃহত অভিযান চলোৱা বিষয়টোৱে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.