অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাতো গণতন্ত্ৰৰ বাবে ক’লা দিনঃ অখিল গগৈ

0 538

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ দেশজুৰি আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীকে ধৰি গুৱাহাটীটো আপ অসমৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ‘অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ বাবে অশুভ বাৰ্তা’ , বৃহস্পতিবাৰৰ দিনটো গণতন্ত্ৰণৰ বাবে ক’লা দিন বুলি উল্লেখ কৰে অখিল গগৈয়ে।

উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো অসাংবিধানিক আৰু অনৈতিক আখ্যা তথা বিৰোধীৰ বিৰুদ্ধে শাসকীয় দলৰ ষড়যন্ত্ৰ বুলি প্ৰতিবাদ কৰে আপ নেতা-কৰ্মীসকলে।

Leave A Reply

Your email address will not be published.