নিৰ্মীয়মাণ দলঙৰ শ্লেব খহি তলত সোমাল ৩০ জন শ্ৰমিক

0 35

বিহাৰৰ সুপোলত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। নিৰ্মাণৰত এখন দলঙৰ শ্লেব খহি পৰাৰ ফলত এজন শ্ৰমিকৰ মৃত্যু হয়। আনহাতে ১৫ ৰ পৰা ২০ জন শ্ৰমিক আহত হৈছে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে।

খহি পৰা দলঙৰ টুকুৰাটোৰ তলত প্ৰায় ৩০ জন শ্ৰমিত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে দলঙখনৰ তিনিটা দীঘল অংশ খহি পৰে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে।

ঘটনাৰ বিষয়ে জনাৰ পাছতেই ওচৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰে। এই হৃদয় বিদাৰক ঘটনা মৰীছা গাঁৱত হৈছে। ইতিমধ্যে বহু শ্ৰমিকক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে

উল্লেখ্য যে, এই দলঙখন ১০.৫ কিলোমিটাৰ দীঘল। কোছা নদীৰ ওপৰত ১২০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে দলঙখন। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave A Reply

Your email address will not be published.