ওজন কমাবলৈ চিয়া চীড খাই নেকি আপুনি ?

0 162

ওজন কমাবলৈ চিয়া চীড খাই নেকি? ব্লাড ছুগাৰ আৰু ৰক্তচাপ থকা ৰোগীয়ে চিয়া চীড খাব পাৰে নে?
মন গ’লেই চিয়া চীড নাখাব, হ’ব পাৰে আপোনাৰ বৃহৎ ক্ষতি!

বহুতে ওজন কমাবলৈ চিয়া চিড খায়। এণ্টিঅক্সিডেণ্টেৰে সমৃব্ধ এই খাদ্য আপোনাৰ বাবে উপকাৰী। এই খাদ্যই আপোনাৰ ওজন হ্ৰাস কৰে। কিন্তু অত্যাধিক এই খাদ্য খালে আপোনাৰ কি কি ক্ষতি কৰে? আপোনাৰ যদি ব্লাড ছুগাৰ আছে বা উচ্চ ৰক্তচাপ আছে তেন্তে চিয়া চীড খাবনে?

হজমৰ সমস্যা: চিয়া চীডত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। পেট ভালে ৰখাৰ বাবে ফাইবাৰ উপকাৰী। কিন্তু বেছিকৈ চিয়া চীড খালে হজমৰ সমস্যা হ’ব পাৰে।

বেছিকৈ চিয়া চীড খালে তেজ পাতল হয়। যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে চিয়া চীড খোৱাটো একেবাৰে অনুপযোগী।

চিয়া চীডত ফাইবাৰৰ বাবে ৰক্ত শৰ্কৰাৰ মাত্ৰা কমি যায়। ডায়বেটিছো কিছু নিয়ন্ত্ৰণ হয়। কিন্তু ৰক্ত শৰ্কৰা অতিমাত্ৰা কমি যোৱাও একদম ভাল নহয়। ডায়বেটিছ ৰোগীৰ বাবে চিয়া চীড একেবাৰে ক্ষতিকাৰক। ইনছ্যুলিন লোৱা ডায়বেটিছ ৰোগীয়ে একেবাৰে চিয়া চীড খোৱাটো উপকাৰী নহয়।

Leave A Reply

Your email address will not be published.