অসম জাতীয় পৰিষদৰ পৰা পদ ত্যাগ দুলু আহমেদৰ

0 241

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিলে দুলু আহমেদে।অসম জাতীয় পৰিষদৰ প্ৰাথমিক সদস্যৰ পৰা পদ ত্যাগ দুলু আহমেদৰ। অজাপৰ নেতৃত্বলৈ পদত্যাগৰ পত্ৰ প্ৰেৰণ কৰে দুলু আহমেদে।

অৱশ্যে, দলৰ পৰা পদত্যাগ কৰিলেও নিৰ্দলীয় হিচাপে বৰপেটাৰ পৰা জাহাজৰ প্ৰতীকতে প্ৰতিদ্বন্দিতাৰ কথা ঘোষণা কৰে দুলু আহমেদে।

লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি অজাপলৈ পত্ৰ প্ৰেৰণ দুলু আহমেদৰ। লুৰিণজ্যোতি গগৈয়ে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবেই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক জলাঞ্জলি দিয়াৰ অভিযোগ উত্থাপন কৰে দুলু আহমেদে।কেৱল এয়াই নহয়, কংগ্ৰেছৰ ওচৰত আঞ্চলিকতাবাদ বিক্ৰী যোৱাৰ বিস্ফোৰক অভিযোগও কৰে ।

পদ ত্যাগৰ পিছত অজাপৰ সৈতে সকলো সম্পৰ্ক ত্যাগ কৰিব বুলি উল্লেখ দুলু আহমেদৰ।

Leave A Reply

Your email address will not be published.