নৱম বাৰলৈ অৰবিন্দ কেজৰিৱাললৈ চমন EDৰ, ২১ মাৰ্চত হাজিৰ হোৱাৰ নিৰ্দেশ

0 3,510


আবকাৰী সংক্ৰান্তীয় গোচৰত কেজৰিৱালক মুঠ ৮ বাৰ তলব কৰিছে ইডিয়ে। কিন্তু প্ৰতিবাৰেই হাজিৰ হোৱাৰ পৰা বিৰত আছিল।

দিল্লীৰ ৰাউছ এভিনিউ আদালতে আবকাৰী দুৰ্নীতিৰ গোচৰত শনিবাৰে অগ্ৰিম জামিন আবেদন মঞ্জুৰ কৰিছিল। তাৰ কেইটামান ঘণ্টাৰ ভিতৰতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টী (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক এই গোচৰত নৱম বাৰৰ বাবে তলব কৰিলে এনফ’ৰ্চমেণ্ট ডায়ৰেক্টৰেটে। ইমানেই নহয়, ২১ মাৰ্চত কেজৰিৱালক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।


আবকাৰী দুৰ্নীতি গোচৰত শনিবাৰে পুৱা ৰাউছ এভিনিউ আদালতত হাজিৰ হৈছিল কেজৰিৱাল। ইডিয়ে তেওঁক অষ্টম বাৰৰ বাবে চমন পঠিয়ালেও এৰাই চলিছিল তেওঁ। ইডিৰ ফালৰ পৰা অভিযোগ কৰা হয়, দিল্লীৰ আবকাৰী দুৰ্নীতি গোচৰত আপ মুৰব্বীগৰাকীক সোধা-পোছাৰ বাবে ৮বাৰ চমন পঠোৱা হৈছে। কিন্তু প্ৰতিবাৰেই তেওঁ অমান্য কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে লগতে আদালতত অভিযোগ কৰে যে চৰকাৰী অনুষ্ঠানলৈও গৈছে লগতে দলৰ নিৰ্বাচনী প্ৰচাৰো কৰিছে। অথচ ইডিৰ কাৰ্যালয় হাজিৰ হোৱা নাই

Leave A Reply

Your email address will not be published.