অহা ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

0 535

নিৰ্বাচন মুখৰ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণৰ পিচতে শীঘ্ৰেই অসমলৈ আহিব বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। অহা ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । নিৰ্বাচনকেন্দ্ৰিক দলীয় অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

বৰপেটা আৰু কোকৰাঝাৰত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ৰাজনাথ সিঙৰ ভ্ৰমণক লৈ বৰপেটা আৰু কোকৰাঝাৰত পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপি আৰু মিত্ৰজোঁটৰ কৰ্মীসকলে।

দিল্লীৰ পৰা গুৱাহাটীলৈ অৱতৰণ কৰাৰ পিছত কোকৰাঝাৰত উপস্থিত হ’ব ৰাজনাথ সিং। কোকৰাঝাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব। তাৰ পাছত বৰপেটা সত্ৰলৈ ৰাওনা হব ৰাজনাথ সিং আৰু বৰপেটা সত্ৰত আশিস লৈ বৰপেটা পৌৰসভাৰ খেলপথাৰত সম্বোধন কৰিব বিশাল জনসভা।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৫ মাৰ্চত অসমৰ নগাঁও ভ্ৰমণ কৰিব। তেওঁ নগাঁৱত বৰদোৱা প্ৰকল্পউদ্বোধন কৰিব যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান।

Leave A Reply

Your email address will not be published.