CAAৰ পিছত এই‍বাৰ দেশত বলৱৎ হ’‍ব ৩খন কঠোৰ আইন

0 31

দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন অৰ্থ্যাত CAA । কা’ৰ পিছত এইবাৰ দেশত বলৱৎ হ’‍ব ৩খন কঠোৰ আইন। ১ জুলাইৰ পৰা বলৱৎ হ’ব ৩ খন ফৌজাদাৰী আইন।

দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ’ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা, সাক্ষ্য আইন। নতিন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হব ফাঁচি। কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজীৱন কাৰাদণ্ড দিয়া হ’ব এই আইনৰ জৰিয়তে। দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যদণ্ডৰ শাস্তি।

কেৱল এয়াই নহয়, সন্ত্ৰাসবাদক লৈও দেশত বলৱৎ হ’‍ব কঠোৰ আইন।মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা।

নতুন আইন মতে, ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন। প্ৰযোজ্য নহব হিট এণ্ড ৰানত আৰোপ কৰা শাস্তি। সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থিগত ৰাখিছে ১০৬(২) ধাৰাটো।

Leave A Reply

Your email address will not be published.