কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

0 32

শনিবাৰে জনতা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ বহু কেইটা সিদ্ধান্তৰ ঘোষণা কৰে সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কেতবোৰ লোৱা সিদ্ধান্ত সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

কেবিনেট বৈঠকত লোৱা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে-

  • ১৩ মাৰ্চত জাগীৰোডত হ’ব লগা ছেমিকণ্ডাক্টৰ প্রকল্পৰ শিলান্যাস।
  • ভাৰ্চুৱেলী প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কৰিব এই শিলান্যাস।
  • কিৰণচেক সম্প্রদায়ৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাত অনুমোদন।
  • কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে ৬৭৪.৮১ কোটি টকাৰ অনুমোদন।
  • ৰংঘৰৰ সৌন্দৰ্য প্রকল্পৰ বাবে ১৩১.৭১ কোটি টকাৰ অনুমোদন।
  • আমিনগাঁও মুকলি ষ্টেডিয়ামৰ বাবে ৩৮০.৬৬ কোটি টকাৰ অনুমোদন জনোৱা হয়।
  • বিদ্যুৎ সংযোগৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব ৯৫৫ কোটি টকা।
  • বিদ্যুৎ সংযোগ নথকা গৃহলৈ বিদ্যুৎ সংযোগ কৰিব ৰাজ্য চৰকাৰে।
Leave A Reply

Your email address will not be published.