আজি আন্তৰ্জাতিক নাৰী দিৱস

0 430

আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নাৰীৰ স্বাধীনতা, সুৰক্ষা, সম অধিকাৰক লৈ ৮ মাৰ্চত এই দিৱস পালন কৰা হয়। এই বছৰ ‘Invest in Women: Accelerate Progress’ এই থিমত পালন কৰা হ’ব আন্তৰ্জাতিক নাৰী দিৱস।

এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়।বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য বিষয়।

এই দিৱস উদযাপনৰ আঁৰৰ ইতিহাস কি জানেনে ?

নাৰী দিৱস উদযাপনৰ আঁৰত আছে মহিলা শ্ৰমিকৰ অধিকাৰৰ বাবে সংগ্ৰামৰ ইতিহাস। ১৮৫৭ চনত আমেৰিকাৰ নিউয়ৰ্কৰ ৰাজপথলৈ ওলাই আহি মজুৰিৰ বৈষম্য, নিৰ্দিষ্ট কৰ্মৰ সময় আৰু অমানৱীয় কৰ্ম পৰিস্থিতিৰ বিৰুদ্ধে সূতা কাৰাখানাৰ নাৰী শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই শোভাযাত্ৰাত চৰকাৰে প্ৰতিবাদী বাহিনীৰ ওপৰত দমন-নিপীড়ন চলাইছিল।

১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত জাৰ্মান সমাজবাদী নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত নিউয়ৰ্কত ছ’চিয়েল ডেম’ক্ৰেটিক উইমেন অৰ্গেনাইজেশ্যনে আয়োজন কৰা মহিলা সভাত প্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয়।তাৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগেনত দ্বিতীয় আন্তৰ্জাতিক মহিলা সন্মিলন অনুষ্ঠিত হয়।

ইয়াত ১৭খন দেশৰ ১০০ গৰাকী মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনত ক্লাৰাই প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এই দিনটো ১৯১১ খ্ৰীষ্টাব্দৰ পৰা নাৰী সমতা দিৱস হিচাপে পালন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয়।

বিভিন্ন দেশৰ সমাজবাদীসকলে এই দিনটো পালন কৰিবলৈ আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ উদযাপন কৰা হয়। তাৰ পিছত ১৯৭৫ চনত ৮ মাৰ্চত ইয়াক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিয়া হয়।

ৰাষ্ট্ৰসংঘই বিভিন্ন দেশক এই দিৱস পালন কৰিবলৈ আহ্বান জনায়। তেতিয়াৰ পৰাই নাৰীৰ সম অধিকাৰ পুনৰ দৃঢ় কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে এই দিৱস উদযাপন কৰা হয়।

Leave A Reply

Your email address will not be published.