IIT বিজ্ঞানীৰ উদ্ভাৱন,প্ৰস্ৰাৱেৰে জ্বলাব লাইট

0 5,602

IIT বিজ্ঞানীৰ উদ্ভাৱন,প্ৰস্ৰাৱেৰে জ্বলাব লাইট

কেৰালাৰ আই আই টি পালক্কাড়ৰ গৱেষকৰ এটা দলে সাজি উলিয়াইছে একধৰণৰ বিশেষ সঁজুলি৷ এই সঁজুলি বা চুলাৰ জৰিয়তে নাইট্ৰজেন, ফচফৰাছ তথা মেগনেচিয়াম সমৃদ্ধ জৈৱ সাৰ তৈয়াৰ কৰিব পাৰে৷ আৰু একে সয়মতে প্ৰস্ৰাৱৰ জৰিয়তে বা প্ৰস্ৰাৱৰ উপস্থিতিত ৰাসায়নিক ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰে৷ অৰ্থাৎ আই আই টি পালাক্কাড়ৰ বিজ্ঞানীয়ে অই বৈপ্লৱিক প্ৰযুক্তিৰ দ্বাৰা মানুহৰ মূত্ৰ ব্যৱহাৰ কৰি উক্ত চুলা বা সঁজুলিৰ জৰিয়তে বিদ্যুৎ আৰু সাৰ প্ৰস্তুতৰ পৰিকল্পনা কৰিছে৷ বিজ্ঞানীয়ে জানিবলৈ দিয়ে যে প্ৰস্ৰাৱৰ থকা আয়নৰ শক্তি ব্যৱহাৰ কৰি বিদু্যৎ উৎপাদন কৰিবলৈ সক্ষম হ’ব এই চুলাটোৱে৷ আই আই টি বিশেষজ্ঞই কয় যে এই প্ৰযুক্তিত উৎস-বিচ্ছিন্ন প্ৰস্ৰাৱ ব্যৱহাৰ কৰা হয়৷ অৰ্থাৎ প্ৰস্ৰাৱ মলৰ সৈতে মিশ্ৰিত হ’লে এই কাৰ্য সম্পন্ন কৰিব পৰা নাযায়৷ এই প্ৰণালীৰ বাবে এটা ইলেকট্ৰকেমিকেল চুলা, এমোনিয়া শোষণকাৰী কলম, ডিকালাৰাইজেশ্যন তথা ক্লেৰিনেশ্যন চেম্বাৰ, প্লাম্বিং বা ইলেক্টিকেল মানিফোল্ডৰ দ্বাৰা গঠিত এই প্ৰযুক্তি ব্যৱস্থা৷ ইলেকট্ৰকেমিকেল চুলাত মেগনেচিয়াম এনড তথা এটা কাৰ্বন কেথড ব্যৱহাৰ কৰা হয়৷ চুলাটো এক্ৰিলিকৰ দ্বাৰা তৈয়াৰী৷ তাৰ মাজত থাকে এনড আৰু কেথড৷ ইয়াৰ মাজেৰে প্ৰস্ৰাৱ ঢালি দিয়ে ইলেকট্ৰকেমিকেলৰ বিক্ৰিয়া আৰম্ভ হয়৷ এই বিক্ৰিয়াৰ ফলত একেলগে বিদ্যুৎ আৰু জৈৱ সাৰ উৎপন্ন হয়৷ এই জৈৱ সাৰ নাইট্ৰজেন, ফচফৰাছ আৰু মেগনেচিয়াম সমৃদ্ধ৷ ইয়াৰ উপাদানবোৰ উদ্ভিদৰ পুষ্টিৰ কাৰণে অপৰিহাৰ্য৷ এই প্ৰযুক্তিৰ প্ৰক্ৰিয়া চক্ৰত ৫০০ মিলিৱাট তথা ৭-১২ ভল্টৰ বিদ্যুৎ উৎপন্ন হয়৷ বৰ্তমান মোবাইল ফোন বা এল ই ডি বাল্ব চাৰ্জ কৰাত ইয়াক ব্যৱহাৰ কৰা হৈছে যদিও ভৱিষ্যতে থিয়েটাৰ তথা শ্বপিং মলৰ দৰে ডাঙৰ প্ৰকল্পটো এই প্ৰযুক্তি ব্যৱহাৰ কৰি বিদ্যুতৰ চাহিদা পূৰাব পৰা যাব বুলি গৱেষকে উল্লেখ কৰে৷

Leave A Reply

Your email address will not be published.