অহা ৮ মাৰ্চত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

0 552

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হব প্ৰধানমন্ত্ৰী মোডী। উক্ত দিনা কাজিৰঙাৰ কহঁৰাত উপস্থিত হৈ আৰক্ষী অতিথিশালাত নিশা কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ৯ মাৰ্চৰ পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাৰ কহঁৰা বনাঞ্চলত কৰিব হাতী চাফাৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৰহাটত মুকলি কৰিব মহাবীৰ লাচিতৰ প্ৰতিমূ্ৰ্তি। যোৰহাটৰ মেটেলি পথাৰত এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীক আদৰিবলৈ বনবিভাগৰ লগতে ৰাজ্য প্ৰশাসন ইতিমধ্যে তৎপৰ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.