মালীত দলঙৰ পৰা বাছ বাগৰি পৰাৰ ফলত কমেও ৩১ জন নিহত

0 2,296

আফ্ৰিকাৰ দেশ মালীৰ এখন দলঙৰ পৰা এখন বাছ বাগৰি পৰি 30 জনৰো অধিক লোকৰ মৃত্যু হৈছে, আনহাতে 10 জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাটো কেনিবা অঞ্চলত সংঘটিত হৈছে।
ঘটনাসন্দৰ্ভত পৰিবহণ মন্ত্ৰালয়ে কয় যে মঙলবাৰে (২৭ ফেব্ৰুৱাৰী) মালীত ৩১ জন লোকৰ মৃত্যু হয় আৰু ১০ জন লোক আহত হয়। বুৰ্কিনা ফাছো অভিমুখে যোৱা এখন বাছ দেশখনৰ দক্ষিণ-পূবৰ এখন দলঙৰ পৰা বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।মন্ত্ৰালয়ে আৰু কৈছিল যে বাগো নদী পাৰ হোৱা দলংখনত সন্ধিয়া প্ৰায় ৫ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। মালীত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয়। দেশৰ বহুতো পথ, ঘাইপথ আৰু বাহনৰ অৱস্থা বেয়া।

Leave A Reply

Your email address will not be published.