নিউয়ৰ্কৰ অট্টালিকাত হোৱা অগ্নিকাণ্ডত ভাৰতীয় সাংবাদিক জীৱন্ত অগ্নিদগ্ধ

0 6,269

ম্যানহাটানৰ হাৰ্লেমৰ ছেইণ্ট নিকোলাছ পেলেছৰ ২ নং ছয় মহলীয়া আৱাসিক অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ফাজিল খান নিহত হয় আৰু আন ১৭ জন আহত হয়। মৃত ফাজিল খান নিউয়ৰ্কত অৱস্থিত শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱন আৰু বৈষম্যৰ ওপৰত গুৰুত্ব দিয়া এক মিডিয়া কোম্পানী হেকটিংগাৰ সাংবাদিক আছিল। নিউয়ৰ্ক চিটি ফায়াৰ ডিপাৰ্টমেণ্টে কয় যে বিধ্বংসী জুই এটা লিথিয়াম-আয়ন বেটাৰিৰ ফলত হয়। নিউয়ৰ্কৰ ভাৰতীয় দূতাবাসে মৃতব্যক্তিজনক ফাজিল খান বুলি চিনাক্ত কৰিছে। নিউয়ৰ্কত থকা ভাৰতৰ কনচুলেট জেনেৰেলে খানৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু কয় যে ই তেওঁৰ নশ্বৰ দেহ ভাৰতত থকা তেওঁৰ পৰিয়াললৈ ঘূৰাই পঠিয়াবলৈ সকলো সম্ভৱ সহায় আগবঢ়াইছে।মৃত্যুৰ সময়ত তেওঁৰ বয়স ২৭ বছৰ আছিল

Leave A Reply

Your email address will not be published.