কেতিয়া IPLৰ ১৭ সংখ্যক সংস্কৰণৰ সময়সূচী মুকলি হ’ব

0 380

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব Women’s Premier Leagueৰ খেল। Women’s Premier Leagueৰ সমান্তৰালকৈ বিশ্বৰ সৰ্ববৃহৎ টী-২০ লীগ IPLক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ।

IPL-2024ৰ সময় চমুচাপি অহাৰ লগে লগে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে প্ৰতিযোগিতাখনৰ সময়সূচীৰ বাবে। এপ্ৰিল আৰু মে’ মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবেই IPLৰ ১৭ সংখ্যক সংস্কৰণৰ সময়সূচী এতিয়াও মুকলি হোৱা নাই।


IPL-2024ৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ BCCIএ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰালৈ অপেক্ষা কৰি আছে বুলিও খবৰ ওলাইছিল। কিন্তু শেহতীয়াকৈ IPLৰ অধ্যক্ষ অৰুণ ধুমলে ২২ মাৰ্চৰ পৰা IPL আৰম্ভ হ’ব বুলি উল্লেখ কৰিছে আৰু সম্পূৰ্ণৰূপে দেশতে অনুষ্ঠিত হ’ব বুলিও উল্লেখ কৰিছে।

সংবাদ সংস্থা PTIৰ বাতৰি অনুসৰি অৰুণ ধুমলে কয় যে প্ৰথমৱস্থাত প্ৰথম ১৫ দিনৰ সময়সূচীহে ঘোষণা কৰিব আৰু বাকী খেলসমূহৰ সময়সূচী সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত সিদ্ধান্ত লোৱা হ’ব। উল্লেখ্য যে মাৰ্চৰ আৰম্ভণিতে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.