মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাত চৰাইদেউৰ মুন গগৈয়ে ব্ৰঞ্জৰ পদক লাভ

0 88,929

মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাত চৰাইদেউৰ মুন গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে কেৱল চৰাইদেউ নহয় সমগ্ৰ ৰাজ্য খনলৈ গৌৰৱ কঢ়িযাই আনে খেলুৱৈগৰাকীয়ে

২৬ জানুৱাৰী তাৰিখৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ মহাৰাষ্ট্ৰৰ ঔৰাঙ্গাবাদৰ ডিভিজনেল স্পʼৰ্টছ কমপ্লেক্স গৰখেডা পৰিসৰ ছত্ৰপতি শিৱাজী নগৰত ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাৰ সফল সমাপ্তি ঘটে

| আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাত অসম দলৰ হৈ Charaideo District Sambo Sports Associationৰ খেলুৱৈ মুন গগৈয়ে ৫০-৫৪ কেজি শাখাত উক্ত প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে |

Sambo Sport association of Assamৰ কাৰিকৰী নিৰ্দেশক আৰু কম্বেক শাখাৰ মূখ্য প্ৰশিক্ষক ৰাতুল গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ থকা মুন গগৈ চৰাইদেউ জিলাৰ ২ নং কানু গাওঁ পাটৰবাৰীৰ নিৱাসী পিতৃ গোবিন গগৈ আৰু মাতৃ মামণি গগৈৰ সুযোগ্য সন্তান |

Leave A Reply

Your email address will not be published.