গুৱাহাটীৰ চছলত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ আন্দোলন

0 6,441

আজি গুৱাহাটীৰ চছল ধৰ্ণা গ্ৰাউণ্ডস্থলী বিক্ষোভ কাৰ্যসূচীৰে উত্তাল কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ নেতৃত্বত ৰন্ধন কৰ্মচাৰীসকলে। বিক্ষোভ কাৰ্যসূচীৰ মাজেৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা ইউনিয়নৰ সভানেত্ৰী ভণিতা পাঠক ৰয় আৰু সাধাৰণ সম্পাদিকা কনকলতা দাসৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি মধ্যাহ্ন ভোজন আঁচনি [পি এম পোষণ]ত আমাৰ ৰাজ্যখনত কৰ্মৰত ৰন্ধন কৰ্মীসকলৰ ৰাজ্যিক ভিত্তিক ট্ৰেড ইউনিয়ন হৈছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন। ই ‘ভাৰতৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী ফেডাৰেচন [এম ডি এম ডব্লু এফ আই] আৰু চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নচ’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। চৰকাৰী আঁচনিত কৰ্মৰত ৰন্ধন কৰ্মীসকলৰ অধিকাৰ ৰক্ষাৰ প্ৰশ্নত ধাৰাবাহিকভাৱে উত্থাপিত ন্যায়সংগত দাবীসমূহ বিভিন্ন ৰাজ্য চৰকাৰে বিবেচনা কৰি অতিৰিক্ত সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, কেৰালাত মাননি দৈনিক ৬০০/৬৭৫ টকা; বিহাৰত মাননি ১৬৫০ টকা, ডেথ বেনিফিট ৫ লাখ টকা; হাৰিয়ানাত মাননি ৭ হাজাৰ টকা, পোছাকৰ বাবে বছৰি ৬০০ টকা, ডেথ বেনিফিট ১ লাখ টকা, দুৰ্ঘটনা ভাট্টা ২৫ হাজাৰ টকা, প্ৰসূতিকালীন ছুটী ৬ মাহ, পোছাকৰ বাবে বছৰি ৬০০ টকা; হিমাচল প্ৰদেশত মাননি ৪ হাজাৰ টকা; কৰ্ণাটকত মাননি ৪৬০০/৪৭০০ টকা, ডেথ বেনিফিট ১ লাখ টকা, দুৰ্ঘটনা ভাট্টা ৩০/৫০ হাজাৰ টকা; তামিলনাডুত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰূপে স্বীকৃত; উত্তৰাখণ্ডত মাননি ৩ হাজাৰ টকা, উৎসৱ ভাট্টা ১ হাজাৰ টকা, পোছাকৰ বাবে বছৰি ১ হাজাৰ টকা। আনহাতে, অসমৰ ৰন্ধন কৰ্মীসকলে মাত্ৰ ১৫০০ টকাতে কাম কৰি থাকিব লগীয়া হৈছে। বছৰি কেৱল ১০ মাহৰ বাবেহে প্ৰদান কৰা এই সামান্য মাননিখিনিও মাহৰ পিছত মাহ ধৰি বকেয়া পৰি থাকে। যিসময়ত চৰকাৰে বিভিন্ন নতুন আঁচনিৰ নাম টকা ব্যয় কৰি আছে, একে সময়তে কেইবাবাৰো আৱেদন নিবেদন কৰাৰ পিচতো এই গুৰুত্বপূৰ্ণ আঁচনিখন ৰূপায়ণৰ তৃণমূল পৰ্যায়ত কৰ্মৰত ৰন্ধন কৰ্মীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দিশটো আওকাণ কৰাটো এক অমানৱীয় কাৰ্য। এনে কাৰ্যই ৰন্ধন কৰ্মীসকলক অধিকাৰ ৰক্ষাৰ প্ৰশ্নত বাৰম্বাৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য কৰি আহিছে। বিষয়টো মানৱীয় দৃষ্টিৰে গুৰুত্ব সহকাৰে লৈ সামান্য মাননিত কৰ্মৰত, সমাজৰ আৰ্থিকভাৱে প২৬াদপদ পৰিয়ালৰ পৰা অহা ৰন্ধন কৰ্মীসকলৰ জীৱন-জীৱিকাৰ সৈতে জড়িত সমস্যা তাৎক্ষণিকভাৱে সমাধানৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত ইউনিয়নে পুনৰবাৰ দাবী উত্থাপন কৰে। বিক্ষোভ কাৰ্যসুচীত উপস্থিত থাকি বক্তব্য দাঙি ধৰে চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই, পেট্ৰ’লিয়াম এণ্ড গেছ ৱৰ্কাৰ্চ ফেডাৰেচন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক নগেন চুতীয়া, ইউনিয়নৰ কাৰ্যকৰী সভাপতি বিবেকানন্দ অধিকাৰী, অন্যতম উপসভাপতি হিতেশ দাস, ৰাজ্যিক নেত্ৰী হনুফা বেগম, প্ৰতিভা কলিতা, আকলিমা খাতুন, লাৱণ্য দাস বড়ো, বীনা খেৰকটাৰীয়ে। তেওঁলোকে বক্তব্যত কয় যে যোৱা সময়ছোৱাতএকেখিনি দাবীতে বাৰেবাৰে আন্দোলন কৰিবলগা হোৱাতে অতি উদ্বেগজনক কথা। কাম কৰি খোৱা বিশেষকৈ চৰকাৰী আঁচনি এখনত কাম কৰি থকা একাংশ পুৰুষকে ধৰি লক্ষাধিক মহিলা কৰ্মচাৰীৰ প্ৰতি চৰকাৰৰ এই আওকণীয়া মনোভাৱ অত্যন্ত জনবিৰোধী। সেয়ে আগন্তুক দিনত ঐক্যবদ্ধ আন্দোলন আৰু অধিক তীব্ৰতৰ কৰিব লাগিব বুলি বক্তাসকলে উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.