ইউনিভাৰ্ছিতি অৱ চায়েন্স এণ্ড টেকনলজি মেঘালয়ত আৰম্ভ ৪৭ সংখ্যক ভাৰতীয় সমাজ বিজ্ঞান কংগ্ৰেছ

0 917

ইউ এছ টি এমত আৰম্ভ হল ৪৭ সংখ্যক ভাৰতীয় সমাজ বিজ্ঞান কংগ্ৰেছ
সমগ্ৰ ভাৰতৰ পৰা ২০০ৰো অধিক শিক্ষাবিদ আৰু বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পণ্ডিতৰ অংশগ্ৰহণেৰে আজিৰ পৰা ইউনিভাৰ্ছিতি অৱ চায়েন্স এণ্ড টেকনলজি মেঘালয়ত আৰম্ভ হৈছে ৪৭ সংখ্যক ভাৰতীয় সমাজ বিজ্ঞান কংগ্ৰেছ । ইণ্ডিয়ান ছ’চিয়েল ছায়েন্স একাডেমীৰ উদ্যোগত আৰু ইউ এছ টি এমৰ সহযোগত অনুষ্ঠিত হৈছে এই পাঁচদিনীয়া সন্মিলনখন। আজি উদ্বোধনী অধিৱেশনত ভাৰত চৰকাৰৰ খনি আৰু পৃথিৱী বিজ্ঞানৰ প্ৰাক্তন সচিব বিশিষ্ট বিজ্ঞানী ড০ বিনোদ কে গৌৰ; আই এছ এছ এৰ সাধাৰণ সম্পাদক শ্ৰী এন পি চৌবে; এমিটি ইউনিভাৰ্চিটিৰ আচাৰ্য ডo সেলভামূৰ্তি, ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা; আই এছ এছ এৰ সভাপতি অধ্যাপক পি কে চৰকাৰৰ বাহিৰেও যথেষ্ট সংখ্যক শিক্ষাবিদ আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিনিধিসকলে কেইবাখনো কিতাপ উন্মোচন কৰে।
সভাত ভাষণ দি ইউ এছ টি এমৰ উপাচাৰ্য প্ৰফেছৰ জি ডি শৰ্মাই অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে যিকোনো মেগা ইভেণ্ট ইউ এছ টি এমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষণ অধ্যায়। “আমি ইউ এছ টি এমক বিশ্বৰ এক শৈক্ষিক গন্তব্যস্থান হিচাপে গঢ়ি তুলিব বিচাৰো”, তেওঁ লগতে কয়। তেওঁ সকলো অংশগ্ৰহণকাৰীক আদৰণি জনাই এখন অতি সফল সন্মিলনৰ কামনা কৰে।
ভাৰতীয় সমাজ বিজ্ঞান একাডেমীৰ সাধাৰণ সম্পাদক শ্ৰী এন পি চৌবেয়ে সন্মিলনৰ বিষয়বস্তু “স্বৰাজ ভাৰতত বিজ্ঞান শিক্ষা আৰু গৱেষণা” সম্পৰ্কীয় উদ্দেশ্য আৰু বিষয়সমূহ উপস্থাপন কৰে। তেওঁ কয় যে কংগ্ৰেছৰ মূল উদ্দেশ্য হৈছে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা আজিলৈকে সকলো বিষয়তে স্বৰাজ ইণ্ডিয়াই বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত লাভ কৰা কৃতিত্বৰ ওপৰত চিন্তা-চৰ্চা। স্বৰাজ ভাৰত আৰু ইয়াৰ জনগোষ্ঠীসমূহক আত্মনিৰ্ভৰ কৰি তুলিব পৰাকৈ নতুন পদ্ধতি, তত্ত্ব আৰু নতুন থলুৱা প্ৰযুক্তিৰ নিৰ্দিষ্টকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
উদ্বোধনী অধিৱেশনৰ সময়ত মুখ্য অতিথি হিচাপে বিশিষ্ট বিজ্ঞানী ড০ বিনোদ কে গৌৰে মুখ্য অতিথি হিচাপে শোভা বঢ়ায়। ড০ গৌৰ নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক আৰু চি এছ আই আৰ ফ’ৰ্থ পেৰাডাইম ইনষ্টিটিউটৰ সন্মানীয় এমেৰিটাছ বিজ্ঞানী।
সভাপতিৰ ভাষণ প্ৰদান কৰে ভাৰতীয় সমাজ বিজ্ঞান একাডেমীৰ সভাপতি অধ্যাপক পি কে সৰকাৰে। উন্মোচনী অধিৱেশনৰ অন্ত পৰে ইউ এছ টি এমৰ স্থানীয় আয়োজক সম্পাদক অধ্যাপক অমিত চৌধাৰীৰ শলাগৰ শৰাইৰে।

Leave A Reply

Your email address will not be published.