ৰিপুণ বৰা প্ৰশ্ন ঝাৰখণ্ডৰ হেমন্তক ধৰিলে আমাৰ হিমন্তক কেতিয়া ধৰিব

0 1,274

ঝাৰখণ্ডৰ হেমন্তক ধৰিলে আমাৰ হিমন্তক কেতিয়া ধৰিব? – ৰিপুণ বৰা।

CBI আৰু ED বিজেপিৰ ৰাজনৈতিক মুনাফা লাভৰ সম্পত্তি নহয়: ৰিপুণ বৰা।

গুৱাহাটী, ০১ ফ্ৰেব্ৰুৱাৰী, ২০২৪ঃ দেশত নিৰ্বাচন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজনৈতিক দলবোৰৰ মাজতো বৃদ্ধি পাইছে ৰাজনৈতিক কুচ-কাৱাজ। ইণ্ডিয়া এলায়েন্সৰ অন্যতম সহযোগী ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে স্বোচ্ছাৰ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল । আজি অসম তৃণমূল কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাক আক্ৰমনাত্মক হোৱা দেখা গʼল বিজেপি চৰকাৰৰ বিৰুদ্ধে। দলৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এক প্ৰেছমেলত তেওঁ ইডি-ৰ দৰে দেশৰ স্বতন্ত সংস্থাবোৰক চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। তেওঁ লগতে কয়, নিৰ্বাচনৰ প্ৰাক-মুহুৰ্তত এইদৰে বিৰোধী দলৰ মুখ্যমন্ত্ৰী এজনক গ্ৰেপ্তাৰ কৰি চৰকাৰখনে বিৰোধীক ভীতিগ্ৰস্হ কৰিব বিচাৰিছে। বৰাই লগতে প্ৰশ্ন তুলে যে, “আমি দুৰ্নীতিৰ পক্ষত নাই, কিন্ত্ত দুৰ্নীতিৰ অভিযোগ থকা নেতাই যেতিয়া বিজেপিত যোগদান কৰে তেওঁৰ বিৰুদ্ধে তেতিয়া ইডি সক্ৰিয় কিয় নহʼয় ?? সংবাদমেলত ৰিপুণ বৰাই কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি কয়, ঝাৰখণ্ডৰ হেমন্তক ধৰিলে আমাৰ হিমন্তক কেতিয়া ধৰিব? বিগত সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে তেওঁলোকৰ শাসন নথকা ৰাজ্য সমূহত অনৈতিক ধৰণে দেশৰ স্বতন্ত্ৰ সংস্থা সমূহৰ ব্যৱহাৰৰ যোগেদি নিজৰ শক্তি আৰু ভয় ভাবুকিৰে বিৰোধী শক্তিক প্ৰতিহত কৰাৰ চেষ্টা চলাই আহিছে সেয়া সকলোৰে জ্ঞাত।বিজেপি এতিয়া ভীতিগ্ৰস্ত। বিৰোধীৰ উত্থানত তেওঁলোক শংকিত। পূৰ্বতেও বিজেপিয়ে বিৰোধীপক্ষৰ নেতা সকলক ইডি আৰু চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰাইছিল দুৰ্নীতিৰ অভিযোগত কিন্তু সেই নেতা সকলে বিজেপিত যোগ দিলেই হৈ যায় ধোৱা তুলসীৰ পাত।”
তেওঁ চৰকাৰক প্ৰশ্ন তোলে যে, মহাৰাষ্ট্ৰৰ এনচিপিৰ নেতা অজিত পাৱাৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ থকাৰ পিছতো বিজেপি দলত যোগদান কৰাৰ লগে লগে কেনেকৈ তেখেত দুৰ্নীতি মুক্ত হ’ল? আজি ইডিয়ে কিয় অজিত পাৱাৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই? এই সকলোবোৰ আমাৰ দেশৰ সংবিধান আৰু গনতন্ত্ৰৰ প্ৰতি এক চৰম ভাবুকি। আমি দুৰ্নীতিৰ সপক্ষে নহয়, কিন্তু আমি দেশ আৰু সংবিধানৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিকোনো শক্তিৰ বিৰোধী।

Leave A Reply

Your email address will not be published.