লেণ্ড ফৰ জব কেলেংকাৰী গোচৰৰ সন্দৰ্ভত ইডি কাৰ্যালয়ত হাজিৰ হ’ব লালু প্ৰসাদ যাদৱ

0 6,383

সোমবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ চুপ্ৰেমো তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ কথা।

বিজেপিয়ে চৰকাৰী সংস্থাক ব্যৱহাৰ কৰি প্ৰতিদ্বন্দ্বীক ৰাজনৈতিকভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰজেডিয়ে
লগতে আৰজেডিৰ সাংসদ মনোজ ঝাই কয় যে “এয়া ইডি চমন নহয়, বিজেপি চমন… ২০২৪ চনলৈকে এইয়া চলিব, তেতিয়ালৈকে অনুগ্ৰহ কৰি ইয়াক ইডি চমন বুলি নক’ব… আমি কিয় ভয় খাব লাগে?”

নীতিশ কুমাৰে পক্ষ সলনি কৰাৰ পিছত দেওবাৰে ৰাজ্য চৰকাৰৰ অংশ হোৱা বিজেপিয়ে দাবী কৰে যে আৰজেডিত দুৰ্নীতি গভীৰভাৱে সোমাই আছে।
বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰীয়ে এইদৰে কয়,”দেশৰ জনসাধাৰণে জানে যে এইসকল (লালু যাদৱ) দুৰ্নীতিগ্ৰস্ত লোক। দুৰ্নীতি তেওঁলোকৰ বাবে এক মণি… মই তেজস্বী যাদৱক আহ্বান জনাব বিচাৰিছো যে বিহাৰৰ যুৱক-যুৱতীসকলক কেনেকৈ কোটিপতি হ’ব পাৰি তাৰ ব্যৱস্থাটো কওক।

২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত লালু যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত সংঘটিত হোৱা এই অভিযোগ উত্থাপিত কেলেংকাৰীত আৰজেডিৰ ৰাষ্ট্ৰীয় সভাপতিৰ উপৰিও তেতিয়াৰ ৰে’লৱে জেনেৰেল মেনেজাৰৰ নামো সন্নিবিষ্ট কৰা হৈছে।

ৰেলৱেত তেওঁলোকক নিযুক্তি দিয়াৰ পৰিৱৰ্তে লালু প্ৰসাদ যাদৱে পত্নী ৰাব্ৰি দেৱী আৰু কন্যা মিছা ভাৰতীৰ নামত প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ মালিকানাধীন মাটি বিক্ৰীৰ বিবেচনাৰ বাবে হস্তান্তৰ কৰা বুলি অভিযোগ উঠিছে ।

বিগত বৰ্ষৰ অক্টোবৰ মাহত চিবিআইয়ে এই অভিযোগনামা দাখিল কৰিছিল, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ, ৰাবৰি দেৱী, তেওঁলোকৰ কন্যা মিছা ভাৰতীকে ধৰি ১৩ জন লোকৰ বিৰুদ্ধে চাকৰিৰ বাবে মাটি কেলেংকাৰীত।
চিবিআইৰ তথ্য অনুসৰি ৰে’লৱেৰ গ্ৰুপ ডি পদত প্ৰথমে বিকল্প হিচাপে নিযুক্তি দিয়া হৈছিল আৰু পৰিয়ালে মাটিৰ চুক্তি কৰিলে নিয়মীয়াকৰণ কৰা হৈছিল।

ৰে’লৱেত চাকৰিৰ সলনি উৎকোচৰ বাবে মাটি লোৱাৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে।
একে সময়তে ইডিয়ে ধন সৰবৰাহৰ গোচৰৰ তদন্ত চলাই আছে। এই গোচৰত চিবিআইয়েও চাৰ্জশ্বীট দাখিল কৰে।

Leave A Reply

Your email address will not be published.