পুনৰ ১৬ জানুৱাৰীত অসম চৰকাৰে ল’ব ৭৫০ কোটি টকাৰ ঋণ

0 5,555

কেগৰ তৰফৰ পৰা বাৰম্বাৰ সকীয়াই থকাৰ পিচতো চৰকাৰে ৰাজহুৱা ঋণৰ বোজা অভাবনীয়ভাবে বৃদ্ধি হোৱাক লৈ কোনো গুৰুত্ব আৰোপ কৰা নাই ৰাজ্য চৰকাৰে। ঋণৰ আশ্রয় নল লৈ চৰকাৰখনৰ বাবে বাজ্যৰ বিত্তীয় পৰিস্থিতি জোৰা মৰাটোৱেই এতিয়া সাধ্যৰ বাহিৰলৈ গতি কৰিছে। উৎপাদনমূলক অর্থনীতি সবল কৰাৰ বাবে কোনো পদক্ষেপ নলৈ বিভিন্ন আন্তঃগাঁথনিমূলক নির্মাণকার্যৰ জৰিয়তে জি ডি পিব সংখ্যা বৃদ্ধিৰ দোহাই দিয়েই চৰকাৰে ৰাজহুৱা ঋণৰ পৰিমাণ বঢ়াই গৈ আছে। উল্লেখ্য যে নৱবৰ্ষৰ নটা দিনৰ ভিতৰতে চৰকাৰী বণ্ড বন্ধকত দি এহেজাৰ কোটি টকাৰ ঋণ লোৱাতেই ক্ষান্ত নাথাকি অহা ১৬ জানুৱাৰীত পুনৰ ৭৫0 কোটি টকাৰ ঋণ লোবাৰ সিদ্ধান্ত হৈছে আৰু সেইমর্মে কালি ৰাজ্যৰ বিত্ত বিভাগৰ ফালৰ পৰা ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্রস্তাব দাখিল কৰিছে। এইবাৰো চৰকাৰী বহু বন্ধকৃত দি এনে সময়ত এই ঋণ ল’ব খোজা হৈছে। মন কৰিবলগীয়া যে মাহৰ দ্বিতীয়বাব ঋণ গ্রহণৰ ১৬ জানুৱাৰীৰ দিনটোতে নতুনকৈ দহ লাখ হিতাধিকাৰীক মন্ত্রীসকলৰ দ্বাৰা সমষ্টিয়ে সমষ্টিয়ে গৈ ৰেচন কার্ড বিতৰণ অনুষ্ঠান সম্পন্ন কৰা হ’ব। পৰৱৰ্তী পর্যায়ত আৰম্ভ হ’ব আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলা সদস্যক আৰম্ভণিতেই দহ হেজাৰ টকাকৈ আর্থিক অনুদান প্রদানৰ প্রক্রিয়া। আগত লোকসভা নিৰ্বাচনৰ অংক সন্মুখত ৰাখি লোৱা এই আঁচনিসমূহৰ বিপৰীতে আর্থিক সংকটৰ জোৰা মাৰিবলৈকে যে চৰকাৰে একেটা মাহতে দুবাৰকৈ মুঠ ১,৭৫0 কোটি টকাৰ ঋণ ল’বলগীয়া হৈছে, সেয়া বুজিবলৈ কাৰো বাকী নাই। অহা দুমাহৰ ভিতৰতো কমেও চাৰি হেজাৰ কোটি টকা ঋণ সংগ্ৰহৰ গুণা-গঁথা কৰিছে চৰকাৰে। আনহাতে জি ডি পি বৃদ্ধিৰ গইনা লৈ চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে ২৫ হেজাৰ কোটি টকাৰ ঋণ গ্রহণৰ লক্ষ্য নির্ধাৰণ কৰাৰ বিপৰীতে আগত ২0২৪-২৫ বিত্তীয় বৰ্ষত তাৰ পৰিমাণ ত্রিশ হেজাৰ কোটি টকালৈ নির্ধাৰণ কৰাৰ বাবে বিত্ত বিভাগৰ বাজেট প্রস্তুত কালত আলোচনা-বিলোচনা চলি আছে। ইফালে বিজেপিৰ দুখন চৰকাৰত ধাৰ ল’লে ৯0,৯৬৪ কোটি টকা। ২0১৫-১৬ বর্ষলৈ চৰকাৰৰ ঋণ আছিল ৪১,৯৬৪ কোটি টকা। ১২ ডিচেম্বৰত লৈছিল ১000 কোটি টকাৰ ঋণ চৰকাৰৰ মুঠ ঋণ ডেৰ লাখ কোটি টকালৈ বৃদ্ধি।

Leave A Reply

Your email address will not be published.