পৰ্বতঝোৰাত ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

0 3,497

পৰ্বতঝোৰাত ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

সমাগত ৭৫সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় এখন সভা আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হয়।

সভাখনত অধ্যক্ষতা কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা পৰ্বতঝোৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দেৱজ্যোতি গগৈয়ে।

তেখেতৰ বিভিন্ন বিভাগৰ বিষয়া সকলক নিজৰ নিজৰ দায়িত্ব সমূহ সুচাৰুৰূপে পালন কৰি আগন্তুক গণৰাজ্য দিৱসৰ সকলো কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায়।

গণৰাজ্য দিৱসৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা আদিও অন্তৰ্ভুক্ত কৰা হৈছে।

আনহাতে গণৰাজ্য দিৱসৰ দিনা পৰ্বতঝোৰা মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ মাজত প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব।

লগতে গণৰাজ্য দিৱসৰ আগদিনা, অৰ্থাৎ ২৫ জানুৱাৰীত টিপকাইৰ পৰা গাৰোপাৰা য়ুথ স্প’ৰ্টছ ক্লাব খেলপথাৰলৈ মাৰাথন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে যোৱা বেলিৰ দৰে এইবেলিও গণৰাজ্য দিৱসৰ কাৰ্যসূচী গাৰোপাৰা য়ুথ স্প’ৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ’ব।

সভাখনত ভাৰপ্ৰাপ্ত মহকুমাধিপতি দেৱজ্যোতি গগৈৰ উপৰি মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দুৱৰা, চক্ৰ পৰিদৰ্শক ৰাজু গগৈ, বগৰীবাৰীৰ ৰাজহ চক্ৰ বিষয়া পাঞ্জামুতি ব্ৰহ্ম, বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, মহামায়াৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া সবিতা ব্ৰহ্ম,গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা টিকেন্দ্ৰজিৎ ৰাভা, হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ প্ৰদৰ্শক নাৰায়ণ বানাই কোচ, ৰেচম বিভাগৰ প্ৰদৰ্শক বিনয় কুমাৰ ৰয়, আই টি ডি পিৰ পৰিদৰ্শক প্ৰণৱ কুমাৰ বোস, কাজিগাঁৱৰ স্বাস্থ্য বিষয়া ডাঃ সৌৰাজ্যদীপ বিশ্বাস আদি উপস্থিত থাকে বুলি পৰ্বতঝোৰা মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।

Leave A Reply

Your email address will not be published.