আলফা(স্বাধীন)ৰ ম্যানমাৰস্থিত এটা শিবিৰতড্ৰ’ন আক্ৰমণ

0 23

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ ম্যানমাৰস্থিত এটা শিবিৰত সংঘটিত হয় এক আক্ৰমণ। ড্ৰ’নেৰে আঘাত কৰা হৈছে শিবিৰটোত।

এক বিবৃতি যোগে এই কথা প্ৰ্ৰকাশ কৰিছে ছে আলফা (স্বাধীন)-এ। ভাৰতীয় সেনাই এই ড্ৰ’ন আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছে সংগঠনটোৱে।

বিবৃতিটোত প্ৰকাশ কৰা মতে, সংগঠনটোৰ শিবিৰত আক্ৰমণৰ উদ্দেশ্যে অৰুণাচল প্ৰদেশৰ পৰা প্ৰেৰণ কৰা হৈছিল এই ড্ৰ’ন।

মুঠ তিনিটাকৈ ড্ৰ’ন আক্ৰমণৰ বাবে প্ৰেৰণ কৰা হৈছিল বুলি লগতে উল্লেখ কৰে আলফা (স্বাধীন)-এ।

প্ৰথমটো ড্ৰোন আক্ৰমণ পুৱা ৪:১০ বজাত, দ্বিতীয়টো পুৱা ৪:১২ বজাত আৰু তৃতীয়টো পুৱা ৪:২০ বজাত সংঘটিত হয় বুলি বিবৃতিত উল্লেখ কৰা হৈছে।

তিনিখন ড্ৰ’নৰ ভিতৰত প্ৰথম দুটাৰ আক্ৰমণ সফল হোৱাৰ বিপৰীতে তৃতীয়খন বিস্ফোৰণত ব্যৰ্থ হয় বুলিও সংগঠনটোৱে প্ৰকাশ কৰে।

আলফা (স্বাধীন)-এ বিবৃতিটোত সদৰী কৰা মতে এই ড্ৰ’ন আক্ৰমণত সংগঠনটোৰ দুজন কেডাৰ আহত হয়।

ইফালে সংগঠনটোৱে এই আক্ৰমণ সন্দৰ্ভত ভাৰত চৰকাৰকো মৌখিক আক্ৰমণ কৰে।

উল্লেখ্য যে, আলফাৰ আলোচনাপন্থী গোটে শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিছিল।

কিন্তু এই শান্তি আলোচনাত যোগদান কৰিবলৈ অস্বীকাৰ কৰি আলোচনাৰ পৰা আঁতৰি থাকে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)।

Leave A Reply

Your email address will not be published.