শীতকালত কেনেদৰে আপোনাৰ ছাল-চুলি ভালে ৰাখিব?

0 1,025

শীতকাল অহাৰ লগে লগে আমাৰ ছাল-চুলি শুকান হৈ পৰে। ছালৰ উজ্জ্বলতা আৰু কোমলতা বজাই ৰাখিবলৈ, এই ঋতুত ছালৰ বিশেষ যত্ন ল’ব লাগিব। গ্ৰীষ্মকালত যিদৰে আমি ছাল-চুলিৰ যত্ন লও ঠিক তেনেদৰে শীতকালতো আমাৰ ছালৰ যত্ন ল’ব লাগিব।
যদিহে আপুনি শীতকালত নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে তেন্তে যথেষ্ঠ পৰিমাণে পানী সেৱন কৰাটো দৰকাৰ। ইয়াৰোপৰি ছালত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰি থাকিব লাগে। যদি ময়েশ্চাৰাইজাৰ নাথাকে তেন্তে নাৰিকল তেল সৰ্বশ্ৰেষ্ঠ। যদিহে শীতকালত আপোনাৰ চুলি ধুনীয়া হৈ থকাটো বিচাৰে তেন্তে গৰম পানীৰে চুলি ধুব নালাগে।
যদি আপুনি শীতকালত ৰুমত হিটাৰ ব্যৱহাৰ কৰে, তেন্তে ইয়াক পৰিহাৰ কৰক। হিটাৰে ছালৰ কোমলতা নোহোৱা কৰে আৰু চকুৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। আনহাতে যদি আপোনাৰ চুলিত উফিৰ সমস্যা বেছি হয়, তেন্তে অত্যাধিক তেল ব্যৱহাৰ নকৰিব।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে গ্ৰীষ্মকালত যিধৰণে মুখত চানস্ক্ৰীণ ব্যৱহাৰ কৰে ঠিক তেনেদৰে শীতকালতো মুখমণ্ডলত চানস্ক্ৰীণ ব্যৱহাৰ কৰিব। আনহাতে কেতিয়াও বেছি সময় তিতা চুলি বান্ধি নাৰাখিব, নহ’লে চুলি সৰাৰ উপৰিও চুলিৰ বিভিন্ন সমস্য়াই দেখা দিব।

Leave A Reply

Your email address will not be published.