ৰাজ্যত চলি থকা চালকসন্থাৰ আন্দোলন আৰু কৰ্মবিৰতিক সমৰ্থন অসম তৃণমূল কংগ্ৰেছৰ

0 5,717

ভাৰত চৰকাৰে গ্ৰহণ কৰা হিট এণ্ড ৰাণ আইনে সমগ্ৰ দেশজুৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সম্পূৰ্ণ একপক্ষীয় ভাৱে জাপি দিয়া এই আইনে ন্যায় শব্দটোৰ প্ৰতি এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

এই আইনৰ বিৰুদ্ধে দেশব্যাপী প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছে দেশৰ বিভিন্ন শ্ৰমিক সংগঠনে। হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ বাবে আজি সাধাৰণ জনতা আহুকালৰ সন্মুখীন হোৱাৰ লগতে অৰ্থনৈতিক ভাৱেও ক্ষতিগ্ৰস্ত হ’ৱ আমাৰ দেশ।

“দুৰ্ঘটনা ঘটি যায়, কোনো ব্যক্তিয়ে স্ব-ইচ্ছাৰে দুৰ্ঘটনা সংঘটিত নকৰে” এই নীতিৰে যি আন্দোলনৰ কাৰ্য্যসূচী শ্ৰমিক সংগঠনে গ্ৰহণ কৰিছে তাৰ সমৰ্থনত আৰু নিৰপৰাধ চালকৰ স্বাৰ্থত এই আন্দোলনৰ কাৰ্য্যসূচীৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়োৱাৰ লগতে তৎকালীনভাৱে এই আইনৰ সংশোধনীৰ ব্যৱস্থা কৰি এক নিৰপেক্ষ আইন প্ৰণয়ন কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী জনায় অসম তৃণমূল কংগ্ৰেছ দলে ।

Leave A Reply

Your email address will not be published.