অবৈধ কয়লা পৰিবাহী ট্ৰাক আঢ়ৈশ কিলোমিটাৰ দূৰৰ দেৰগাঁৱলৈকে কেনেকৈ আহিবলৈ পালে – দিজিপিয়ে উত্তৰ দিয়ক’

0 1,338

লেহেমীয়া-আসোঁৱাহপূৰ্ণ পথ নিৰ্মাণৰ পৰিণতিতে দেৰগাঁৱৰ দুৰ্ঘটনা : অজাপ

নিহতৰ পৰিয়াললৈ ১৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটী, ৩ জানুৱাৰী: উজনি অসমত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ ৰহস্যজনক লেহেমীয়া গতি আৰু আঁসোৱাহপূৰ্ণ নিৰ্মাণৰ পৰিণতিতে আজি পুৱতি নিশা গোলাঘাটৰ বচাভৰলু গাঁৱৰ বনভোজ যাত্ৰীৰ দলটো দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ সন্মুখীন হ’ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে দুৰ্ঘটনাটোৰ বাবে গভীৰ দুখ প্ৰকাশ কৰি প্ৰাণ হেৰুৱাসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷ দুৰ্ঘটনাত পতিত হোৱা প্ৰতিজন ব্যক্তিৰ পৰিয়ালৰ প্ৰতি সমবেদনা প্ৰকাশ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, “উক্ত দুৰ্ঘটনাটো এখন অবৈধ কয়লা পৰিবাহী ট্ৰাকৰ খুন্দাৰ ফলত সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে৷ সুদূৰ লিডু-মাৰ্ঘেৰিটাৰ পৰা অবৈধ কয়লা পৰিবাহী এখন ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথেৰে আঢ়ৈশ কিলোমিটাৰ দূৰলৈকে আহি দেৰগাঁৱত দুৰ্ঘটনা সংঘটিত কৰা মানে আৰক্ষী তথা অন্য চৰকাৰী এজেন্সিৰ চকুৰ সন্মুখেদি ট্ৰাকখন ইমান দূৰলৈকে আহিছে আৰু এনে আন বহু ট্ৰাক এই পথেদি আহি আছে৷ চৰকাৰৰ জ্ঞাতসাৰে, আৰক্ষীৰ সহযোগতে অসমত অবৈধ চিণ্ডিকেট চলি থকাৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আন কি লাগে? অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে এই প্ৰশ্নৰ উত্তৰ দিয়ক৷”

আনহাতে, ২০১৫ চনতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে এফালে পথ নিৰ্মাণৰ কাম অস্বাভাৱিকভাৱে লেহেমীয়া হৈছে আৰু আনহাতে নির্মাণৰ ক্ষেত্ৰত ‘ৰোড মেনুৱেল’ৰ প্ৰয়োজনীয় বিধিসমূহ পালন কৰা হোৱা নাই৷ অথচ ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত সম্পূৰ্ণ আওকনীয়া মনোভাৱ গ্ৰহণ কৰি আছে৷ তাৰেই পৰিণতি স্বৰূপে নিৰ্মানাধীন এলেকাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷

ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে ঠিকাদাৰী প্ৰতিষ্ঠানৰ সৈতে আপোচ কৰি অহাৰ এয়া পৰিণতি বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে আজি সংঘটিত হোৱা দুৰ্ঘটনাটো যিহেতু পথ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা বেমেজালি আৰু অবৈধ কয়লা পৰিবাহী ট্ৰাকৰ খুন্দাত সংঘটিত হৈছে, সেয়ে নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ঠিকাদাৰী নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু চৰকাৰ উভয়ে ক্ষতিপূৰণ আদায় দিব লাগে৷ প্ৰতিগৰাকী নিহত ব্যক্তিৰ পৰিয়াললৈ ১৫ লাখকৈ টকা আৰু ঘুনীয়া হোৱাসকলৰ প্ৰতিজনকে ১০ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ জাতীয় পৰিষদে দাবী উত্থাপন কৰে৷

Leave A Reply

Your email address will not be published.