শিমলুগুৰি আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ পৰা উদ্ধাৰ চুৰি হোৱা pulsar rs 200 বাইক

0 526

শিমলুগুৰি আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ পৰা উদ্ধাৰ চুৰি হোৱা pulsar rs 200 বাইক

নাজিৰাৰ শিমলুগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে চুৰি হোৱা pulsar rs 200 বাইক |

বাইকখনৰ নম্বৰ AS 04 W 7813 | মটৰ চাইকেলৰ গৰাকীয়ে বাইকখন চুৰি হোৱা সন্দৰ্ভত শিমলুগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ | লগতে চুৰিৰ দৃশ্যাৱলী বন্দীৰ হয় cc tv camaraত | শিমলুগুৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য্য কুমাৰ বৰাৰ নেতৃত্বত চলিল অভিযান |

বিগত ২৬ ডিচেম্বৰ, মঙ্গলবাৰে গড়গাওঁ মহাবিদ্যালয়ৰ পৰা চুৰি হৈছিল বাইকখন | লক্ষ্মীজান বিহুবৰ তিনি আলিৰ নিবাসী নৰেন গগৈৰ পুত্ৰই মহাবিদ্যালয়ত ৰখাই থোৱা স্থানৰ পৰা অজ্ঞাত দুষ্ট চক্ৰই চুৰি কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বিক্ৰী কৰাৰ সম্ভেদ পায় তদন্তকাৰী ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে |

তিনি দিনৰ নেৰা-নেপেৰা প্ৰচেষ্টাৰ অন্তত নাগালেণ্ড মন জিলাৰ পৰা চুৰি হোৱা pulsar rs 200 বাইকখন উদ্ধাৰ কৰে শিমলুগুৰি আৰক্ষীয়ে |

ইতিমধ্যে ভুক্তভূগী পৰিয়ালটোক বাইকখন উদ্ধাৰ বিষয়ে আৰক্ষীয়ে খবৰ দিয়ে | চুৰি হোৱা মটৰ চাইকেলখন পুনৰ কাষত পাই উৎফুল্লিত হৈছে গৰাকী |

এতিয়া সংবাদ-মাধ্যমৰ জড়িয়তে অসম আৰক্ষীক কৃতজ্ঞতা জনালে ছাত্ৰ জনৰ মাতৃয়ে |

Leave A Reply

Your email address will not be published.