শনিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় কাব্যভূমি সাহিত্যৰ পথাৰ কবি মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি

0 519

কাব্যমুকুতা কবি অমৰেন্দ্ৰ দাসৰ নেতৃত্বত গঢ়ি উঠা কাব্যভূমি সাহিত্যৰ পথাৰ কবি মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো ২৩/১২/২৩ শনিবাৰে লেখিকা কাঞ্চন সাউদ বৰাৰ সভাপতিত্বত গুৱাহাটী প্ৰেছ ক্লাৱত দিনজোৰা কাৰ্য্যসূচীৰে সুকলমে অনুষ্ঠিত কৰা হয়। মঞ্চত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ইছমাইল হোছইন, বিশিষ্ট সাহিত্যিক বিপুল শৰ্মা ,অভিনেতা অৰূপ বৈশ্য , মঞ্চৰ মুখ্য পৃষ্ঠপোষক ৰূপা বৰপূজাৰী। সম্পাদিকা বৰ্ণালী দাৱ বৰিৰ লগতে মঞ্চৰ সমূহ এডমিন মদাৰেটৰৰ সম্পূৰ্ণ সহযোগিতাত অনুষ্ঠানটো সফল ৰূপ লয়। উক্ত মঞ্চৰ বছেৰেকীয়া মুখপত্ৰ অবিৰত যাত্ৰা আলোচনীখন শুভ উন্মোচন কৰে সাহিত্যিক ইছমাইল হোছেইন। উক্ত মঞ্চৰ তিনিমহীয়া আলোচনী “দাপোন” উন্মোচন কৰে অভিনেতা অৰূপ বৈশ্যই । লেখিকা কাঞ্চন সাউদ বৰা “সৰাপাতৰ পাতৰ উচুপনি” উন্মোচন কৰে বিপুল শৰ্মা ডাঙৰীয়াই ।কবি অমৰেন্দ্ৰ দাসৰ ” মোৰ স্বপ্নৰ স্বপ্নালী তুমি” উন্মোচন কৰে ইছমাইল হোছেইন ডাঙৰীয়াই। অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে অনন্ত বৰিয়ে। সভাৰ উদ্দেশ্য বাখ্যা কৰে মুখ্য প্ৰশাসক অমৰেন্দ্ৰ দাসে।সভাখনত উপস্থিত থকা সমূহ সদস্য- সদস্যাক শলাগৰ শৰাই জনাই দীপ দাসে।অসমত বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে অনুষ্ঠানটোৰ সফল ৰূপায়ন কৰে।

Leave A Reply

Your email address will not be published.