পুনৰ ৩ ৰাজপত্ৰিত বিষয়ালৈ SITৰ জাননী, গ্ৰেপ্তাৰ হ’বলগীয়া বিষয়াৰ তালিকাত কোন কোন?

0 1,284

পুনৰ ৩ ৰাজপত্ৰিত বিষয়ালৈ SITৰ জাননী। APS অসীমা কলিতা, ফাৰুক আহমেদ আৰু দিপাংকৰ দত্ত লহকৰলৈ জাননী জাৰি কৰা হৈছে। ৭ ডিচেম্বৰত SITৰ সন্মুখত হাজিৰ হ’ব লাগিব তিনিওগৰাকী বিষয়া। ইতিমধ্যে নিলম্বিত হৈছে ফাৰুক আহমেদ আৰু দিপাংকৰ দত্ত লহকৰ। এতিয়ালৈ নিলম্বন হোৱা নাই অসীমা কলিতা। নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ কন্যা অসীমা।

APSC কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা ৪জনলৈ বৃদ্ধি হৈছে। সোমবাৰে সুকন্যা দাসক গ্ৰেপ্তাৰ কৰা হয়। আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে সুকন্যাক। পাণবজাৰ থানাত নিশা সুকন্যা দাসক মাৰাথন জেৰা কৰা হয়।

সোমবাৰে জেৰাৰ সন্মুখীন হৈছিল নৱনীতা শৰ্মা আৰু কল্যাণ কুমাৰ দাসো। নৱনীতা শৰ্মা আৰু কল্যাণ কুমাৰ দাসকো গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। ইতিমধ্যে নিলম্বিত হৈছে কল্যাণ কুমাৰ দাস। নৱনীতা শৰ্মা এতিয়াও নিলম্বিত হোৱা নাই।

Leave A Reply

Your email address will not be published.