ভিটামিন বি ১২ অভাৱৰ লক্ষণ সমূহ কি কি

 ১) ভিটামিন বি১২-ৰ অভাৱৰ ফলত জিভাত ঘা, মুখৰ আলচাৰ, আৰু সোৱাদৰ পৰিৱৰ্তনৰ দৰে লক্ষণেও দেখা দিব পাৰে। 

২) ভিটামিন বি ১২-ৰ অভাৱৰ ফলত হাত-ভৰিত জিনজিননি, জঠৰতা, ভাৰসাম্য ৰখাত অসুবিধা হ’ব পাৰে। আনকি স্মৃতিশক্তিও হ্ৰাস হ’ব পাৰে। 

৩) এই ভিটামিনৰ অভাৱৰ বাবে ছাল হালধীয়া, শুকান বা প্ৰাণহীন হ’ব পাৰে আৰু চুলি সৰাৰো সমস্যা হ’ব পাৰে।

৪) ভিটামিন বি১২-ৰ অভাৱৰ ফলত মানসিক স্বাস্থ্য প্ৰভাৱিত হ’ব পাৰে, যাৰ ফলত মেজাজ সলনি, উদ্বিগ্নতা আৰু হতাশা হ’ব পাৰে।

৫) ভিটামিন বি ১২-ৰ অভাৱৰ ফলত শৰীৰত লোহিত ৰক্ত কণিকাৰ সংখ্যা হ্ৰাস হয়, যাৰ ফলত ভাগৰ, দুৰ্বলতা আৰু উশাহ লোৱাত অসুবিধা হ’ব পাৰে।

Comments (0)
Add Comment