বুধবাৰে ষষ্ঠীৰ বেদিত প্ৰতিষ্ঠিত হ’ব দেৱী দুৰ্গা

ৰাজ্যজুৰি দেৱী দূৰ্গাক আৰাধনাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে পূজা পেণ্ডেল সমূহ

লাখ লাখ টকা ব্যয় কৰি সাজি উলিওৱা হৈছে পূজাৰ পেণ্ডেল সমূহ

বিভিন্ন বিষয় অথবা বিভিন্ন ঐতিহাসিক কৃতিচিহ্নক মূল হিচাপে লৈ সাজি উলিওৱা হৈছে পূজা মণ্ডপ সমূহ

সামন্তৰলকৈ মহানগৰীৰ নাৰেংগী পূজা স্থলীটো প্ৰায় ১৪/১৫ লাখ টকা ব্যয় সাপেক্ষে সাজি উলিওৱা হৈছে পূজা মণ্ডপ

এইবাৰৰ নাৰেংগী পূজা উদযাপন সমিতিয়ে দুচকীয়া বাহন চলোৱা সময়ত হেলমেট পৰিধান কৰাটো যে অতিকৈ প্ৰয়োজনীয় তাকেই দেখুৱাবলৈ প্ৰয়াস কৰিছে পূজা সমিতিয়ে

লগতে পূজা মণ্ডপৰ ভিতৰত এনেদৰে দেৱী প্ৰতিমাৰ লগতে ৰামায়ণৰ কিছু দৃশ্য ফটো আকাৰে সন্নিবিষ্ট কৰিছে

তদুপৰি যোৱা বর্ষৰ দৰে এইবেলিও কলিকতাৰ পৰা আমন্ত্ৰণ কৰি অনা ঢাকিৰ দল এটিয়ে পূজাৰ কেইদিনত ঢাকৰ তালত ভক্তপ্ৰাণ ৰাইজক মোহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে উদযাপন সমিতিয়ে।

ASSAMduragapujaINDIA
Comments (0)
Add Comment