বতৰৰ বাবে ম্নান পৰিব নেকি পূজাৰ আনন্দ?


শাৰদীয় দুৰ্গোৎসৱত বিধি-পথালি দিব নেকি বৰষুণে? বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সদৰী কৰা আগজাননী অনুসৰি ৰাজ্যৰ লগতে মহানগৰীৰ কিছু কিছু ঠাইত মজলীয়া আৰু পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে।

৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ কিছু কিছু ঠাইত পাতলীয়া আৰু মজলীয়া পৰিমাণৰ বৰষুণ আহিব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞানীয়ে। অহা ১২ অক্টোবৰৰ পৰা পুনৰ বৰষুণ হ্ৰাস পাব পাৰে ৰাজ্যত।

বৰপেটা জিলাত দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উল্লেখ্য যে প্ৰায় ৫ দিন ধৰি ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ। ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰহিৰে পৰা নেৰানেপেৰা বৰষুণে ম্লান কৰিছে পূজাৰ উছাহ।

ASSAMdurgapujaWEATHER
Comments (0)
Add Comment