প্ৰতিখন পুজা সমিতিলৈ ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে

এই বৰ্ষত কলিয়াবৰৰ ১০৬ খন পুজা সমিতিয়ে লাভ কৰিছে। শনিবাৰে সন্ধিয়া কলিয়াবৰ সহ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত কলিয়াবৰৰ ১০৬ খন পুজা সমিতিলৈ ১০ হাজাৰ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।

পুজা সমিতি সমূহে যাতে যতে -ততে দান বৰঙণি, চান্দা আদি সংগ্ৰহ কৰি সাধাৰণ নাগৰিকক হাৰাশাস্তি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুজা অনুষ্ঠিত কৰিব পৰাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এই আৰ্থিক অনুদান বিতৰণ অনুষ্ঠানত কলিয়াবৰ সহ জিলা আয়ুক্ত লিজা তালুকদাৰ আৰু অতিৰিক্ত আয়ুক্ত হিমাশ্ৰী ডেকা উপস্থিত থাকে।

ASSAMINDIA
Comments (0)
Add Comment