পুৱা ৭-০০ বজাৰ পৰা আৰম্ভ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

সন্ধিয়া ৬-০০ বজালৈকে ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিব পাৰিব। এইবাৰৰ নিৰ্বাচনত ৯০ আসনৰ বাবে মুঠ ১০৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ২০,৬৩২ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বমুঠ ২,০৩,৫৪,৩৫০ গৰাকী ভোটাৰে ভোটদান কৰি নিৰ্ণয় কৰিব ১০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

এই নিৰ্বাচনত পুনৰ ক্ষমতা দখলৰ বাবে নামিছে বিজেপিয়ে। আনহাতে পূৰ্বৰ ব্যৰ্থতা আঁতৰাই কংগ্ৰেছেও এই যুঁজত বীৰদৰ্পে অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে এইবাৰ কাৰ দখলত যাব হাৰিয়ানা সেই সন্দৰ্ভত অহা ৮ অক্টোবৰৰ দিনা ফলাফল ঘোষণাৰ হোৱাৰ পাছতহে জানিব পৰা যাব।

ASSAMharianaINDIA
Comments (0)
Add Comment