এ আই ইউ ডি এফৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

আজি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দলৰ গুৱাহাটীৰ মূখ্য কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
পূৱা দলৰ কাৰ্যকৰী সভাপতি আবু চালেহ নাজমুদ্দিনে দলৰ দলীয় পতাকা উত্তোলন কৰে আৰু দলৰ বিষয়ে বক্তব্য প্ৰদান কৰে।

মৌ বদৰুদ্দিন আজমলৰ নেতৃত্বত ২০০৫ চনৰ আজিৰ দিনটোতে গঠন হোৱা এই ৰাজনৈতিক দলটোৰ বৰ্তমানৰ উপ সভাপতি তথা মানকাচাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে এটি কেক কাটি উদযাপন কৰি দলৰ জন্ম বৃত্তান্ত সোৱৰি দল জন্ম লগ্নৰ পৰাই জনগনৰ বাবে কৰি অহা সংগ্ৰামৰ কথা ব্যক্ত কৰি দলৰ বাবে শ্বহীদ হোৱা সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনাগত দিনবোৰত দলক আৰু শক্তিশালী কৰাৰ বাবেও সংকল্প গ্ৰহন কৰে

aiudfASSAMestablishdayindua
Comments (0)
Add Comment