আজিৰ পৰা ৰাজ্যত আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি

এই আঁচনিৰ অধীনত ৰাজ্যৰ উদ্যোগী সকলক প্ৰদান কৰা হ’ব ২ৰ পৰা ৫লাখকৈ টকা। সোমবাৰে মহানগৰীৰ খানাপাৰা খেলপথাৰত এক অনুষ্ঠানৰ জৰিয়তে নিৰ্বাচিত ২৫,০৬৪ জন হিতাধিকৰীক প্ৰদান কৰিব প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা।

নিৰ্বাচিত সকলো যুৱক-যুৱতীক ৩ দিনীয়া প্ৰশিক্ষণ সমাপ্ত হোৱাৰ লগে লগে আৰু ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। এই ১ লাখ টকা হিতাধিকাৰীসকলে কি ধৰণে ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি পুনৰ ১ লাখ টকা দিয়া হ’ব।

টকা ঘূৰাই দিয়া সন্দৰ্ভত শৰ্মাই কয় যে, ১ লাখ টকা ঘূৰাই দিব নালাগে। বাকী ১ লাখ টকা ৩ বছৰ পাছত মাহে ৫ হাজাৰকৈ দিব লাগিব। ইয়াৰ পাছতে চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি’ৰ দ্বিতীয় লানি আৰম্ভ কৰিব। ইয়াৰ অধীনত চৰকাৰে আৰু ৭৫ হাজাৰ যুৱক-যুৱতীক এই আঁচনিৰ ধন প্ৰদান কৰাৰ চেষ্টা কৰিব।

উল্লেখ্য যে, উদ্যোগীসকলক স্বাৱলম্বী হ’ব পৰাকৈ এই আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা হাতত লৈছে চৰকাৰে। নিৰ্বাচিত উদ্যোগী সকলক ৫০ শতাংশ ৰাজসাহাৰ্য্য প্ৰদান কৰা হব। কেতবোৰ নিয়মৰ মাজেৰে ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা লাভ কৰিব হিতাধিকাৰীয়ে।

ASSAMINDIA
Comments (0)
Add Comment