নলবাৰীত সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন

অসমত ৰাজ্য ভাষা সঠিক আৰু কঠোৰভাৱে প্ৰয়োগ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাবলৈ এক পৰিকল্পনা যুগুতোৱাৰ বিষয়ে অনানুষ্ঠানিকভাৱে আলোচনা কৰে অসম সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাৰ কেইগৰাকীমান বিষয়ববীয়াই

বৈঠকত কেইবাগৰাকী বিষয়ববীয়াই অংশ লয়। নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক, কৰ্ণধাৰ সমিতিৰ সদস্য গোবিন্দ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই এই বৈঠকত অংশ লয়। এই বৈঠকতে বিশিষ্ট লেখক, গল্পকাৰ ডাঃ বিপিনচন্দ্ৰ কলিতাৰ সংক্ষিপ্ত জীৱনপঞ্জী এখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই ৷

ASSAMINDIA
Comments (0)
Add Comment