দুৰ্গা পূজা কমিটীসমূহৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিলে SOP

প্ৰতিখন পূজা কমিটীয়ে পালন কৰিব লাগিব সুৰক্ষা-নিৰাপত্তাৰ নিৰ্দেশনাৱলী। প্ৰকাশ কৰা নিৰ্দেশনাৱলী অনুসৰি, অস্থায়ী নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিল্ডিং বিভাগৰ অনুমতি লাগিব পূজা কমিটীসমূহে। ল’ব লাগিব অগ্নিনিৰ্বাপক বাহিনী আৰু শক্তি বিভাগৰ অনুমতি। জৰুৰীকালীন প্ৰস্থানৰ বাবে নিৰ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰিব লাগিব পূজা কমিটীয়ে।

পূজা মণ্ডপত প্ৰৱেশ-প্ৰস্থানৰ পথ পৃথক হ’ব লাগিব। চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দল থাকিব লাগিব পূজা মণ্ডপত। পুৰুষ-মহিলা উভয়ৰ স্বেচ্ছাসেৱক নিযুক্ত কৰিব লাগিব। স্বেচ্ছাসেৱকসকলক দিব লাগিব I-Card। VIP, চেলিব্ৰিটীৰ দৰ্শনৰ কালত নিৰাপত্তাৰ নিৰ্দেশনাৱলী পালন কৰিব লাগিব পূজা কমিটীসমূহে।

পূজাৰ পেণ্ডেলত অগ্নি নিৰ্বাপনৰ আগতীয়া ব্যৱস্থা কৰি থ’ব লাগিব পূজা কমিটীয়ে। ভিৰ নিয়ন্ত্ৰণৰ বাবে, পুৰুষ-মহিলাৰ বাবে থাকিব লাগিব পৃথক বেৰিকেড। পূজা মণ্ডপত পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা থাকিব লাগিব। লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শব্দ প্ৰদূষণ ৰোধৰ নিয়ম মানি চলিব লাগিব।

মণ্ডপসহ কাষৰ ঠাইবোৰত পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। পূজা শেষ হোৱাৰ পাছত পূজাথলী চাফ-চিকুণ কৰি থ’ব লাগিব কমিটীয়ে। বলপূৰ্বক দান-বৰঙণি লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰশাসনৰ। এই কাৰ্যক বে-আইনী আখ্যা কামৰূপ জিলা প্ৰশাসনৰ।

লগতে পূজা কমিটীৰ বিষয়ববীয়া-স্বেচ্ছাসেৱকৰ তালিকা জমা দিব লাগিব থানাত। পূজা মণ্ডপত বিপজ্জনক সামগ্ৰী মজুত ৰাখিব নোৱাৰিব। সুৰা আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। VIPক নিমন্ত্ৰণ জনালে কমেও ৭ দিন আগত আৰক্ষীক অৱগত কৰিব লাগিব।

পূজা মণ্ডপত পৰ্যাপ্ত চিচিটিভি সংস্থাপন কৰিব লাগিব পূজা কমিটীয়ে। পূজাথলীত ২৪ ঘণ্টীয়া হেল্প ডেস্কৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়া হৈছে। দেৱী বিসৰ্জনৰ দিনা প্ৰশাসনে দিয়া পথ নিৰ্দেশনা মানি চলিব লাগিব। পূজাথলীত, বিসৰ্জনৰ শোভাযাত্ৰাত আতচবাজী ফুটাব নোৱাৰিব। পূজাৰ নামত ৰাজহুৱা সম্পদৰ ওপৰত পোষ্টাৰ-বেনাৰ লগাব নোৱাৰিব। লগতে ৰাজপথ দখল কৰি পূজাৰ মণ্ডপ স্থাপন কৰিব নোৱাৰিব।

ASSAMdurgapujaINDIA
Comments (0)
Add Comment