বাঘ পিঞ্জৰাবদ্ধ কৰাৰ নামত কলিয়াবৰত বনবিভাগৰ ভেকোভাওনা !

কলিয়াবৰৰ সোনাৰী-কামাখ্যা অঞ্চলত সন্ত্ৰাস চলাই থকা ঢেকীয়াপতিয়া বাঘ কৰায়ত্ব কৰিবৰ বাবে বনবিভাগে পাতিছে পিঞ্জৰা । পিছে পিঞ্জৰাৰ ভিতৰত নাই বাঘৰ আহাৰ। কামাখ্যা গাওঁত পিঞ্জৰা স্থাপনৰ তিনিদিন পাছতে বনবিভাগে লৈ যায় পিঞ্জৰাত আবদ্ধ কৰি থোৱা ছাগলী ।

পিঞ্জৰাৰ দুৱাৰো বৰ্তমান বন্ধ । এইটো পিঞ্জৰাৰ কাষেৰেই দুবাৰকৈ বাঘ পাৰ হৈ গৈছিল। বাঘ বন্ধী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা স্বত্বেও বনবিভাগে পিঞ্জৰাটোৰ পৰা ছাগলী লৈ যোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইপিনে বাঘ ট্ৰেংকুলাইজ কৰি নিয়া হব বুলি স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ই বাৰংবাৰ কৈ থকাৰ পাছতো এই পৰ্যন্ত বনবিভাগৰ ট্ৰেংকুলাইজ কৰা দল উপস্থিত হোৱাহি নাই বাঘ ৰ মুক্ত বিচৰণস্থলীত ।

Comments (0)
Add Comment