চুলি পকাৰ পৰা কিদৰে ৰক্ষা পৰিব আপুনি

সন্তুলিত আহাৰ

চুলি সৰা সমস্যা পৰিহাৰ কৰিবলৈ এজন ব্যক্তিয়ে তেওঁৰ আহাৰত ভিটামিন, খনিজ আৰু প্ৰ’টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। সেউজীয়া শাক-পাচলি, ফল, বাদাম আৰু বীন চুলিৰ বাবে উপকাৰী।দৈনিক খাদ্য তালিকাত এক সন্তুলিত আহাৰ অন্তৰ্ভুক্ত কৰাৰ ফলত শৰীৰে পৰ্যাপ্ত ভিটামিন, খনিজ আৰু প্ৰ’টিন প্ৰাপ্ত কৰে। যিয়ে চুলিৰ গুৰি শক্তিশালী কৰে।

চাপ হ্ৰাস

যদি আপুনি ৩০ বছৰৰ আগতে চুলি সৰা এই সমস্যাৰ পৰা হাত সাৰিবলৈ বিচাৰে, তেনেহ’লে আপুনি চাপ নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক ধ্যান, যোগ, ব্যায়াম কৰা আৰম্ভ কৰক।হয়, চাপ নিয়ন্ত্ৰণ কৰিও চুলি সৰাৰ সমস্যা হ্ৰাস কৰিব পাৰে।

সম্পূৰ্ণ টোপনি 

যুৱ সকলে তেওঁলোকৰ দৈনন্দিন জীৱনত নিয়মীয়া শাৰীৰিক সক্ৰিয়তা বজাই ৰাখি ভাল টোপনি প্ৰাপ্ত কৰি এক স্বাস্থ্যকৰ ৰুটিন অনুসৰণ কৰাত গুৰুত্ব দিব।ইয়াৰ দ্বাৰাও আপুনি চুলি সৰাৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

চুলিৰ যত্ন 

চুলি সৰাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ চুলিত ৰং কৰা আৰু চিধা কৰাৰ অভ্যাস হ্ৰাস কৰক।আনহাতে, সদায় প্ৰাকৃতিক সামগ্ৰী আৰু কম ৰাসায়নিক পদাৰ্থযুক্ত চেম্পু ব্যৱহাৰ কৰিব।

পানী খাব

শৰীৰত পানীৰ অভাৱ হ’লেও চুলি সৰে। সেয়েহে দৈনিক কমেও ৭-৮ গিলাচ পানী খাই শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখিবলৈ চেষ্টা কৰিব।

চিকিৎসকৰ পৰামৰ্শ 

যদি চুলি সৰাৰ সমস্যা গুৰুতৰ হয়, চৰ্মৰোগ বিশেষজ্ঞ বা ত্ৰিকোলজিষ্টৰ পৰামৰ্শ লওঁক। তেওঁলোকে সঠিক পৰীক্ষা কৰি সমস্যাটো সমাধান কৰিব পাৰে।আইৰণ, ভিটামিন ডি, আৰু বায়’টিনৰ দৰে পৰিপূৰকে চুলিৰ স্বাস্থ্য উন্নত কৰিব পাৰে, কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে এইসমূহ গ্ৰহণ নকৰিব।

দৈনিক চুলি ধোৱা

চুলিত নিয়মীয়াকৈ তেল প্ৰয়োগ কৰি পাছত পৰিস্কাৰ পানীৰে ভালদৰে ধুই পেলাব। ধূমপান আৰু সুৰা সেৱন নকৰিব। 

ASSAMHEALTHINDIA
Comments (0)
Add Comment